ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বিজেপিৰ জয়ধ্বংজা৷ এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পঞ্জাৱৰ বাহিৰে চাৰিখনকৈ ৰাজ্যত জয়ধ্বনি দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ৷ বিধানসভা নিৰ্বাচনত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল উত্তৰ প্ৰদেশৰ নিৰ্বাচন, এই নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে আজি অন্ত পৰিল উত্তৰ প্ৰদেশৰ নিৰ্বাচন৷
কিন্তু এইবাৰ উত্তৰ প্ৰদেশত দ্বিতীয় বাৰৰ বাবে যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ পদত নিৰ্বাচিত কৰিছে উত্তৰ প্ৰদেশৰ জনসাধাৰণে৷ জয় ৰাম ধ্বনিৰে মুখৰিত হৈছে অযোধ্যা৷ মোডী-যোগী বান্ধোনৰ সন্মুখত সমাজবাদী পাৰ্টিৰ ৰণনীতি সম্পূৰ্ণৰূপে ধুলিসাৎ হৈছে। পুনৰবাৰ বিজেপি চৰকাৰক আকোৱালী লৈছে উত্তৰ প্ৰদেশৰ জনসাধাৰণে। বিজেপিৰ আদেৰ্শৰে ভৰি পৰিছে উত্তৰ প্ৰদেশ৷ পৰৱৰ্তী ৫ বছৰৰ বাবে বিজেপি চৰকাৰৰ সৈতে এক হৈ থাকিব ৰামনগৰ বাসী। কেৱল উত্তৰ প্ৰদেশেই নহয়, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰতো বিজেপিয়ে চৰকাৰ গঠন কৰিছে।