ডিজিটেল ডেস্কঃ অযোধ্যালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পত্নী সহিতে কাশীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বিজেপি শাসিত অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈছিল। এই বৈঠকত ৰাজ্যসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা হৈছিল। বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পত্নী ৰিণিকিৰ সৈতে প্ৰধানমন্ত্ৰীৰ লগত উঠা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে।
বুধবাৰে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈছে অযোধ্যা অভিমুখে। অযোধ্যাৰ ৰাম মন্দিৰত পূজা অৰ্চনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বাৰাণসী ভ্ৰমণৰ সময়তো প্ৰধানমন্ত্ৰীৰ সৈতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।