ৰাতি শুৱাৰ সময়ত গাৰুৰ কাষত মোবাইল থৈ শুৱে নেকি আপুনি? তেন্তে এই অভ্যাসে বিপদ মাতি আনিব পাৰে আপোনাৰ জীৱনলৈ৷
. বহুলোকে গাৰ কাষতে মোবাইলটো লৈ শুই যায়, বিশেষকৈ সেইসকলে যিসকলে ৰাতি শুৱাৰ আগত দেৰিলৈকে মোবাইল চাই আৰু ৰাতিপুৱা শুই উঠিয়েই মোবাইলটো হাতত লয়৷ ইয়াৰ ফলত কি লোকচান হয় জানেনে? দিনটো ভাগৰুৱা ভাৱ, খং উঠি থাকিব, ৰাতি শুৱাৰ আগত BLUE LIGHT SCREENৰ ফলত টোপনি নহা সমস্যা আৰম্ভ হয়৷
. মোবাইলৰ পৰা অপকাৰী RADIATION নিৰ্গত হয় যি মগজুৰ বাবে বৰ অপকাৰী৷ মূৰৰ বিষৰ লগতে বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সন্মূখীন হ’ব লগা হয়৷ আনফালে মোবাইলৰ নীলা ৰশ্মিয়ে টোপনি উৎপন্ন কৰা হৰ’মন উৎপাদনত বাধাৰ সৃষ্টি কৰে৷ ই কৰ্কটৰ কাৰণ হ’ব পাৰে৷ গতিকে শুৱাৰ সময়ত মোবাইলটো বিচনাৰ পৰা দূৰত ৰাখক৷