1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:26 pm

ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি, ২৬,৪৪১ টা পদ মুকলি…

  • Update Time : Saturday, March 26, 2022

ডিজিটেল ডেস্কঃ নিবনুৱাসকলৰ বাবে ভাল খবৰ, ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা সকলৰ বাবে আগবঢ়াইছে ভাল সুযোগ৷ Assam State Recruitment Commission-এ নতুনকৈ প্ৰকাশ কৰিছে চাকৰিৰ বিজ্ঞাপন৷ ৰাজ্য চৰকাৰৰ এই সুবিধাৰ আপুনিও হ’ব পাৰে অংশীদাৰ ৷ খৰধৰ কৰক আৰু আপোনাৰ নথি পত্ৰ প্ৰেৰণ কৰক৷ প্ৰাৰ্থীসকলে অনলাইনযোগে কৰিব পাৰিব আবেদন৷ ১১ এপ্ৰিল ২০২২ চনৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া, আবেদনৰ অন্তিম তাৰিখ ৩০ মে, ২০২২। মুঠ খালী হোৱা পদৰ সংখ্যা ২৬,৪৪১টা পদ৷ ইয়াৰে চতুৰ্থ বৰ্গৰ ১৩,৩০০টা আৰু তৃতীয় বৰ্গত মুঠ ১৩,১৪১টা পদ মুকলি৷

তৃতীয় বৰ্গৰ পদ সমূহঃ তৃতীয় বৰ্গত সৰ্বমুঠ ১৩,১৪১ টা পদ মুকলি হৈছে ৷

তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰাৰ্থীসকলে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ পদত কৰিব পাৰিব আবেদন৷ এই সমূহ পদত ৮,৩৩১ টা পদ মুকলি কৰিছে৷ এই পদৰ বাবে প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থকা হ’ব লাগিব।

ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পোৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ পদত মুঠ ৩,৬৯০টা পদ মুকলি হৈছে। ইয়াৰ বাবে আবেদন কৰিব লগীয়া প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব। (বিজ্ঞান শাখাৰ প্ৰাৰ্থীৰ বাবে কিছুমান পদ উপলব্ধ হ’ব)।

ড্ৰাইভাৰৰ পদৰ বাবে মুঠ ১,১২০টা পদ মুকলি কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো বাঞ্চনীয় ।

চতুৰ্থ বৰ্গৰ পদ সমূহঃ চতুৰ্থ বৰ্গত সৰ্বমুঠ ১৩,৩০০ টা পদ মুকলি হৈছে ৷

১. অষ্টম শ্ৰেণীৰ অৰ্হতা থকা প্ৰাৰ্থী সকলৰ বাবে ৯,০০০টা পদ মুকলি৷
২. মেট্ৰিকত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ বাবে আছে ৪,৩০০টা পদ।

আবেদনৰ মাচুলঃ

সাধাৰণ শ্ৰেণী, OBC, MOBCৰ বাবে সৰ্বোচ্চ- ৩৫০ টকা।
ST, SCৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ২৫০ টকা।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme