1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:46 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

ৰাজ্যৰ জনসাধাৰণলৈ সকাহ! পুনৰ কমিল পেট্ৰল-ডিজেলৰ দাম…

  • Update Time : Sunday, November 14, 2021

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ আকাশচুম্বী দামে বিপাঙত পেলাইছে দেশৰ জনতাক। পেট্ৰলে প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পিছতেই সমগ্ৰ দেশৰ জনতাই অসন্তুষ্ট হৈ পৰে। শেহতীয়াভাৱে দেৱালীৰ এদিন পূৰ্বে পেট্ৰ’ল প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেলত ১০ টকা হ্ৰাস কৰে। কেন্দ্ৰই এই দাম হ্ৰাস কৰাৰ পিছতেই ৰাজ্য চৰকাৰসমূহেও ৭ টকাকৈ ভেট হ্ৰাস কৰে পেট্ৰল ডিজেলত।

দেশত ক’ত কিমান পেট্ৰল-ডিজেলৰ দাম?

চৰকাৰী তেল কোম্পানীসমূহে ১৪ নৱেম্বৰত পেট্ৰ’ল–ডিজেলৰ দামৰ এখন তালিকা প্ৰকাশ কৰিছে। দেৱালীৰ পিছৰে পৰা বিগত কিছুদিন ধৰি সাধাৰণ জনতাই পেট্ৰ’ল–ডিজেলৰ দামবৃদ্ধিৰ পৰা সামান্য সকাহ লাভ কৰিছে। কেইবাখনো চহৰত পেট্র’লৰ দাম প্ৰতিলিটাৰত ১০০ টকাতকৈ ক’ম। গুৱাহাটীত দেওবাৰে পেট্ৰ’ল ৯৪.৭৫ টকা আৰু ডিজেলত ৮১.৪২ টকা।

উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত দেওবাৰে পেট্ৰ’ল প্ৰতিলিটাৰ ১০৩.৯৭ টকা আৰু ডিজেল ৮৬.৬৭ টকা, মুম্বাইত পেট্ৰ’ল প্ৰতিলিটাৰত ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা, চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা, কলকাতাত পেট্ৰ’ল ১০৪ টকা আৰু ডিজেল ৮৯.৭৯ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme