1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:02 am

ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ

  • Update Time : Monday, July 8, 2024

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বিভাগীয় মুখ্য অভিযন্তাৰ উপস্থিতিত ৰাজ্যখনৰ প্ৰতিটো বিভাগীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা টেলিফোনযোগে ৰাজ্যৰ সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ বুজ লয়। বিভাগে বিভিন্ন জিলাত কৰি থকা জৰুৰীকালীন বান-খহনীয়াৰোধৰ কামসমূহৰ খতিয়ান লৈ মন্ত্ৰী হাজৰিকাই সকলো অভিযন্তাক নিৰন্তৰ আৰু অধিক তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
শেহতীয়া বানে ৰাজ্যখনৰ কেইবাটাও স্থানত জলসম্পদ বিভাগ আৰু আন বিভাগৰ অধীনত থকা মথাউৰি চিগি যোৱাৰ লগতে ক্ষতিগ্ৰস্ত কৰিছিল। মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা মথাউৰি পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যিমান সম্ভৱ সোনকালে চিগি যোৱা অংশসমূহ মেৰামতি সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে নৈৰ পানী হ্ৰাস হোৱাৰ লগে লগে বৃদ্ধি পোৱা খহনীয়া ৰোধৰ বাবেও বিভাগক সম্পূৰ্ণ সষ্টম হৈ থাকি কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই সাধাৰণ জনতাই খহনীয়াৰ সমস্যাৰ পৰা সকাহ পাবৰ বাবে সম্ভৱপৰ সকলো কাম কৰিবলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়াৰ লগতে এই ক্ষেত্ৰত জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা পাৰ্কুপাইন, বালিৰ বেগ,জিঅ’ বেগ আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ ক্ষেত্ৰতো জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে আৰু প্ৰয়োজন অনুসৰি সকলো জিলাতে এই সামগ্ৰীসমূহ মজুত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ত দিনে নিশাই কাম কৰি বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ কামত ব্যস্ত হৈ আছে।আজি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলৰ এই প্ৰয়াসৰ শলাগ লৈ সকলোকে সাধাৰণ জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কথা মনত ৰাখি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। আনহাতে আজিয়েই মন্ত্ৰী হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু বিভাগীয় অভিযন্তাসকলৰ সৈতে আলোচনাৰ অন্তত প্ৰাথমিকতা অনুসৰি ৰাজ্যখনত এই বৰ্ষত নিৰ্মাণ হ’ব লগা মুঠ ২০৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ নিৰ্মাণতো অনুমোদন জনায়। নতুনকৈ নিৰ্মাণ হ’ব লগা মথাউৰিসমূহৰ কামসমূহো যাতে ভালদৰে পৰিচালিত হয় তাৰ প্ৰতি সষ্টম হৈ থাকি কাম কৰিবলৈও জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মুখ্য অভিযন্তাক যি সমূহ নৈৰ বান নিয়ন্ত্ৰণৰ সমাধান উলিয়াবলৈ IIT-ক অধ্যয়নৰ বাবে দায়িত্ব দিয়া হৈছে সেয়া সময়মতে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme