1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 2:46 pm
Trending:
আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে? গাখীৰ চাহ প্ৰিয় নে আপোনাৰ? তেন্তে চাওঁক এই প্ৰতিবেদন!

ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে

  • Update Time : Friday, July 5, 2024

সংসদৰ পৱিত্ৰ মজিয়াত জনপ্রতিনিধিসকলে ভাষণ দিয়াৰ সময়ত প্রায়ে অশোভনীয় আচৰণ কৰা পৰিলক্ষিত হয়। অল্পজ্ঞানী, অধ্যয়ন আৰু গৱেষণা নথকা এনে প্রায়ভাগ জনপ্রতিনিধিয়ে ভাষণৰ সময়ত অমার্জিত আচৰণেৰে আনৰ ওচৰত হেয় হ’বলগীয়া হয়। কিন্তু ৰাজ্যসভালৈ প্ৰথমবাৰলৈ নির্বাচিত হৈ প্রখ্যাত লেখিকা সুধা মূর্তিয়ে দিয়া ভাষণক লৈ এতিয়া নেট দুনিয়াত সৃষ্টি হৈছে ব্যাপক খলকনিৰ। সামাজিক মাধ্যমত সুধা মূৰ্তিৰ ভাষণক নেটিজেনসকলে ভূয়সী প্রশংসা কৰিছে। আনকি নেটিজেনসকলে একমূখে স্বীকাৰ কৰিছে যে সংসদৰ মজিয়াত সুধা মূৰ্তিৰ দৰে জনপ্রতিনিধিৰহে আৱশ্যক। তদুপৰি সংসদত কিদৰে ভাষণ দিব লাগে সেয়া সুধা মূৰ্তিৰ পৰা আজিৰ জনপ্রতিনিধিসকলে শিকা উচিত বুলিও সামাজিক মাধ্যমত বিভিন্নজনে মন্তব্য কৰিছে। প্ৰথমটো ভাষণতে সুধা মূৰ্তিয়ে মহিলাৰ ছার্ভিকেল কৰ্কটৰ চিকিৎসাৰ বাবে প্ৰতিষেধকৰ উদ্ভাৱন আৰু পৰ্যটনক হিতৰ বাবে লৈ দুটা বিষয় উত্থাপন কৰিছিল। দেশৰ সুধা মূর্তিয়ে ভষির্ণত উল্লেখ কৰা এনে বক্তব্যই বিভিন্নজনক আকৃষ্ট কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme