ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা। অহা এপ্ৰিল মাহৰ ১৯ তাৰিখে হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। তাকে লৈ ব্যস্ততাৰ অন্ত নাই মন্ত্ৰী হাজৰিকাৰ। ভাৰতীয় জনতা পাৰ্টিক সবল নেতৃত্ব দিবলৈ যোৰহাটৰ পৰা আৰম্ভ কৰে প্ৰচাৰ অভিযান। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গ’ল মন্ত্ৰীগৰাকীক। বিজেপিৰ ৰাজ্যিক উপ সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ১৭ মাৰ্চত যোৰহাটত অনুষ্ঠিত হোৱা বৃহৎ যোগদান কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে দুই সহস্ৰাধিকে। আনহাতে উক্ত দিনাই মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰায় ৫০০ গৰাকী বিভিন্ন দলৰ নেতা-কৰ্মী আৰু ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰিকাই সদম্ভে ঘোষণা কৰে ‘অব কি বাৰ ৪০০ পাৰ’। কেৱল ইমানেই নহয় নিৰ্বাচনী প্ৰচাৰৰ মাজতে মৰিয়নী বিধানসভা সমষ্টিৰ নামচেচুৰ বিজেপি দলৰ অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা সূৰ্য্য কুৰ্মী আৰু তেখেতৰ পৰিয়ালক তেখেতৰ বাসগৃহত গৈ সাক্ষাতো কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ মাজতেই মন্ত্ৰী পীযূষ হাজৰিকাই বিষ্ণুজ্যােতি সামাজিক সাংস্কৃতিক গোষ্ঠী চেলেংহাটৰ উদ্যােগত আৰু সমূহ চেলংহাট আৰু টীয়কবাসী ৰাইজৰ সহযোগত চেলেংহাটত আয়োজিত ‘সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা-২০২৪’ ত ভক্তপ্ৰাণ ৰাইজৰ সৈতে উপস্থিত থাকে। চাওঁতাল সমাজৰ উলাহৰ-পৱিত্ৰ ‘বাহা পৰৱ’ উৎসৱত চেলংহাট আঞ্চলিক চাওঁতাল উন্নয়ন সন্থাৰ উদ্যােগত আয়োজিত অনুষ্ঠানতো উপস্থিত থাকি চাওতাল সকলক সন্মান প্ৰদৰ্শন কৰে পীযূষ হাজৰিকাই। এইবাৰ যোৰহাটৰ পৰা যাত্ৰা আগবাঢ়িল শিৱসাগৰলৈ। যাত্ৰাৰ সময়ত যোৰহাটৰ মেলেং মেটেলি গাঁৱত অনুষ্ঠিত একশৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলা শাখাৰ ৪৪ তম্ বাৰ্ষিক পালনাম কাৰ্যসূচীত সেৱা আগ বঢ়ায় মন্ত্ৰীগৰাকীয়ে। তাৰপাছতেই ডিমৌৰ পাৰিজাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি আদিকে ধৰি প্ৰায় ৭০ গৰাকীৰো অধিক সংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে। উক্ত যোগদান সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ‘‘আমাৰ লক্ষ্য কেৱল ৪০০ পাৰ কৰাই নহয়, আমাৰ লক্ষ্য ৰাইজৰ উন্নতি তথা ৰাজ্যৰ উন্নতি কৰা’। আনহাতে চৰাইদেউ জিলা বিজেপি কার্যালয়ৰ বাকৰিতো তিনিশৰো অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে মন্ত্ৰী পীযূষৰ উপস্থিতিত। ঐতিহাসিক শিৱসাগৰতো দেখিবলৈ পোৱা গ’ল মন্ত্ৰীগৰাকীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা আয়োজিত বিশাল বাইক ৰেলীত প্ৰায় ৮০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। সমান্তৰালকৈ বৰাক উপত্যকাতো বাজিছে নিৰ্বাচনী ৰণডংকা। ভাৰতীয় জনতা পাৰ্টি,উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চলাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। দলৰ পৰিকল্পনা, নিৰ্বাচনী ৰণ কৌশল তথা সামগ্ৰিক প্ৰস্তুতি সন্দৰ্ভত কৰে বিসদভাৱে আলোচনা। আগন্তুক লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোটৰ কৰিমগঞ্জ লোকসভাৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ কৰিমগঞ্জৰ গিৰিশগঞ্জত চলাই প্ৰচাৰ। হাইলাকান্দি জিলাতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি। হাইলাকান্দি টাউন হলত আয়োজিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিক ভাৱে যোগদান কৰে প্ৰায় ৫০০ গৰাকী ন-কাৰ্যকৰ্তাই। সকলোকে উষ্ম আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে। আকৌ এবাৰ মোদী চৰকাৰ ধ্বনিৰে হাইলাকান্দি জিলা বিজেপিৰ উদ্যােগত লালাত আয়োজিত এখনি নিৰ্বাচনী জনসভা সম্বোধন কৰে পীযূষ হাজৰিকাই। বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে কেইবাগৰাকীও জ্যেষ্ঠ দলীয় সতীৰ্থৰ সৈতে কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা অমৰ চান্দ জৈনৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে পিযূষ হাজৰিকাই। বিজেপিৰ জয়গানেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ।
জনগণৰ বিপুল উচাহ-আগ্ৰহৰ মাজেৰে কাটিগড়া সমষ্টিৰ সৈদপুৰ আমতলা মাঠত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন মন্ত্ৰী পীযূষৰ। উক্ত সভাতেই, বিজেপি দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায়। এই সভাতেই প্ৰায় ২০০ জন আন আন দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত কৰে যোগদান। সমান্তৰালকৈ কাটিগড়া সমষ্টিৰ কুশিয়াৰকুলত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ লগতে শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কালাইন মণ্ডলৰ বিহাড়া বজাৰত ৰাইজৰ ব্যাপক উচাহ-উদ্দীপনাৰ মাজত এখনি বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।