1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:19 pm

ৰাজ্যত প্ৰশাসনিক বিষয়াৰ ৰদবদল, সলনি বহুকেইখন জিলাৰ উপায়ুক্ত…

  • Update Time : Thursday, March 31, 2022

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল। বৃহস্পতিবাৰে প্ৰশাসনিক বিষয়াসকলৰ এই ৰদবদল। এক নিৰ্দেশনাযোগে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে এই কথা।

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্ব পল্লৱ গোপাল ঝাক প্ৰদান কৰা হৈছে। বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰি মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি। ভাৰত ভূষণ দেৱ চৌধুৰীৰ ঠাইত কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে।

পূৰ্বে কাবেৰী বৰকাকতি পৰ্যটন বিভাগৰ যুটীয়া সচিব আছিল। একেদৰে, বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মীপ্ৰিয়াকো বদলি কৰা হৈছে। NHM-ৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক। ইফালে নৱজিৎ পাঠকক বঙাইগাঁৱৰ নতুন উপায়ুক্তৰ দায়িত্ব। পূৰ্বে ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক।

ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্যক ধেমাজিৰ নতুন উপায়ুক্তৰ দায়িত্ব। শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসকো বদলি। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত। মুনীন্দ্ৰ নাথ হ’ব বিশ্বনাথৰ নতুন উপায়ুক্ত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme