ৰাতিৰটো কথাই নাই এতিয়া দিনতেই মহিলাৰ ডিঙিত খুকুড়ী থৈ ডকাইতে কাঢ়িলে প্ৰায় ১০ লাখ টকাৰ আ-অলংকাৰ৷ স্মাৰ্ট চিটীৰ আৰক্ষী কিমান আন-স্মাৰ্ট সেই কথা পুনৰ প্ৰতিপন্ন কৰিলে মহানগৰীৰ ৰাজগড়ত বৃহস্পতিবাৰে সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজগড়ৰ ১২ নং বাইলেনত স্কুটী চলোৱাৰ অভ্যাস কৰি আছিল ববিতা দাস নামৰ স্থানীয় মহিলাগৰাকী৷ বুধবাৰে নিশা আত্মীয়ৰ ঘৰৰ পৰা বিয়া খাই অহা বাবে, বিয়াত পিন্ধি যোৱা আ-অলংকাৰসমূূূহ নোখোলাকৈয়ে স্কুটী চলোৱাৰ অভ্যাস কৰি আছিল ববিতাই৷ এনেদৰেই কিছুপৰ অভ্যাস কৰি থাকোতেই হঠাতেই বাইকেৰে অহা দুজন যুৱকে ববিতাক চান্দমাৰী কলনিলৈ যোৱা পথৰ কথা সোধে৷ ববিতাই ঠিকনা কোৱাৰ পিচতেই বাইকত অহা দুই যুৱকে সংঘটিত কৰে ডকাইতি কাণ্ড৷ দুই দুৰ্বৃত্তৰ এটা দুৰ্বৃত্তই লুকুৱাই অনা খুকুড়ী ওলাই ববিতাৰ ডিঙিত ৰাখে আৰু ববিতাই পিন্ধি থকা প্ৰায় ১০ লাখ টকাৰ অলংকাৰসমূহ বিচাৰে৷ লগতে ডকাইতৰ দলটোই ববিতাই চিঞৰিলে ববিতাক মাৰি পেলাম বুলিও ভাবুকি দিয়ে৷উপায়ন্তৰ ববিতাই প্ৰাণৰ মমতাত দুই ডকাইতক আ-অলংকাৰসমূহ দি দিবলৈ বাধ্য হয়৷ সংবাদ মাধ্যমক ববিতা দাসে দিয়া ভাষ্য অনুসৰি দুই দুৰ্বৃত্তই লগত অনা খুকুড়ীখনৰ ধাৰ ইমানেই বেছি আছিল যে, অলপ লৰ-চৰ কৰিলেই হয়তো ববিতা দাসৰ পৰিণতি অতি বিষম হ’লহেতেন৷ স্থানীয় ৰাইজে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে মহানগৰৰ প্ৰশাসনক তীক্ষ্ন সমালোচনা কৰে৷ উল্লেখ্য যে ৰাজগড়ৰ উক্ত অঞ্চলত সঘনাই এনেসমূহ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় সচেতন মহলে৷