1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:53 pm

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ভূমিভাগতেই নহয় পৃথিৱীৰ কক্ষপথতো ৰাছিয়াই চলাব যুদ্ধ। কি ক’লে ৰুছ মহাকাশ সংস্থাই…

  • Update Time : Friday, March 4, 2022

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেৱল পৃথিৱীৰ ভূমিভাগতেই হৈছে এনে নহয়। বৃ-পৃষ্ঠৰ পৰা ৪০০ কিঃমিঃ ওপৰলৈকে চলিছে এই যুদ্ধ। পৃথিৱীৰ কক্ষপথলৈ বিয়পিছে যুদ্ধৰ প্ৰভাৱ। মহাকাশতো যুদ্ধ বিশ্বত প্ৰথমবাৰলৈ এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে ৰাছিয়াই।

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতো বাজিছে যুদ্ধৰ দামামা। মহাকাশ ষ্টেচনত আমেৰিকাৰ লগতে ৰাছিয়াৰো আছিল নিজা মডিউল। মহাকাশত ভৰশূণ্যভাৱে ৰাছিয়াই জাৰ্মানীৰে মিলি চলাই আছিল মহাকাশ গৱেষণা। মহাকাশৰ বহুকেইটা গুৰুত্বপূৰ্ণ গৱেষণা অব্যাহত ৰাখিছিল ৰাছিয়াৰ বিজ্ঞানীয়ে। কিন্তু যুদ্ধই যেন তচনচ কৰি পেলালে সকলো। বন্ধ হৈ পৰিল গৱেষণা। ৰুছ মহাকাশ গৱেষণা সংস্থা ৰছকছমছে জাৰ্মানীৰ সৈতে যি যুটিয়া গৱেষণা চলি আছিল সেনা আধাতেই সমাপ্ত কৰা হৈছে। ইয়াৰোপৰি অনাগত সময়ত অন্য ইউৰোপীয়ান দেশেৰেও কোনো মহাকাশীয় গৱেষণা যুটিয়াভাৱে নহ’ব ৰাছিয়াৰ। ইউক্ৰেইনৰ ওপৰত চলা আক্ৰমণৰ বাবেই ৰাছিয়াক এনেকৈ মহাকাশতো এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে ইউৰোপীয়ান দেশসমূহৰ লগতে আমেৰিকাইয়ো।

উল্লেখ্য যে ৰুছ মহাকাশ গৱেষণা সংস্থা ৰছকছমছে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ দেশে মহাকাশতো ৰাছিয়াক একাশৰীয়া কৰিলেও ৰাছিয়াৰ গৱেষণা থমকি নৰয়। নিজাববীয়াকৈ হ’লেও ৰাছিয়াই চলাই যাব এই কাৰ্য। দেশৰ সুৰক্ষাৰ বাবে মহাকাশত ন’ উপগ্ৰহো অচিৰেই উৎক্ষেপনৰ কাম হাতত লৈছে ৰাছিয়াই। ৰাছিয়াৰ মহাকাশ কাৰ্যসূচীও অৰ্থনৈতিক নিষেধাজ্ঞাৰ সৈতে খাপ খোৱাকৈ সলনি কৰা হ’ব। ৰাছিয়াৰ এই হাৰ নমনা স্বভাৱৰ বাবেই এতিয়া প্ৰশ্ন কৰিছে একাংশই কি এনে ঐশ্বৰিক শক্তি আছে ৰাছিয়াৰ হাতত। যুদ্ধই বিধ্বস্ত কৰিলেও ভঙা নাই এতিয়াও ৰাছিয়াৰ মনোবল!

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme