1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:20 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিযুক্ত ভাৰতীয় নাগৰিক

  • Update Time : Thursday, February 22, 2024

দুবছৰ অতিক্ৰম কৰিলে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই। মঙলবাৰে যুদ্ধখনে অতিক্ৰম কৰে দুটাকৈ বছৰ। দুটা বছৰ অতিক্ৰম লগে লগে যুদ্ধ সন্দৰ্ভত প্ৰকাশ হৈছে এক আচৰিত খবৰ। জানিব পৰা মতে একাংশ ভাৰতীয়ক বলপূৰ্বকভাৱে ৰাছিয়াৰ সৈন্যৰ সৈতে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য কৰাইছিল। জানিব পৰা মতে ৰাছিয়াৰ সৈতে যুঁজিবলৈ কমেও তিনিজন ভাৰতীয়ত বলপূৰ্বকভাৱে ৰাছিয়া-ইউক্ৰেইন সীমান্তলৈ লৈ যোৱা হৈছিল। আনহাতে এজন এজেণ্টে মন্তব্য কৰে যে ২০২৩ চনৰ নৱেম্বৰৰ পৰা প্ৰায় ১৮ জন ভাৰতীয় নাগৰিক ৰাছিয়া-ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছিল। খবৰ অনুসৰি যুদ্ধত এজন লোকৰো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভুক্তভোগীসকলৰ এজন হায়দৰাবাদৰ বুলি জানিব পৰা গৈছে। আনহাতে বাকী ভুক্তভোগীসকল উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ। ভুক্তভোগীসকলৰ নাম বৰ্তমানেও প্ৰকাশ হোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme