1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:27 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

‘ৰাঘৱ চাম নে ১ কিলো গাহৰি খাম!’

  • Update Time : Sunday, October 29, 2023

ধেমালিৰ চলেৰে কম সঁচা কথা
বিষয়:ৰাঘৱ চাম নে এক কেজি গাহৰি খাম।
ৰাঘৱ বৰ্জন কৰিব লাগে জাতীয়তাবাদী সকলে,social mediaত বহুতে লিখি আছে।
ৰাঘৱ চালে মই অসমীয়া হৈ নাথাকিম নেকি?
মই মোৰ পৰিয়াল লৈয়ে চালো, যিদৰে আগৰ অসমীয়া ছবি সমূহ চাইছিলো,আৰু আনকো চাবলৈ আহ্বান জনাম। যোৱা সপ্তাহত এখন বেংগলী ছবি ৰক্তবীজ অসমীয়াত dubbing কৰি releas কৰিলে, তেতিয়া কোনেও প্ৰতিবাদ নকৰিলে।
মোৰ ৰাজনৈতিক চিন্তাধাৰা বা আদৰ্শ বেলেগ হব পাৰে কিন্তু অসমীয়া হিচাপে অসমীয়া সকলো চিনেমাৰ প্ৰতি সদায় সমৰ্থন আছে।
চিনেমা চাই ভাল বেয়া গঠনমূলক সমালোচনা হব লাগে।প্ৰতিবাদ হব নালাগে।আমি বাৰু কেনেবাকৈ দুজন অভিনেতাৰ মাজত শত্ৰুতাৰ বীজ সিঁচি আছো নেকি? ৰাঘৱ চিনেমাখনৰ সকলো কলা কৌশলী অসমীয়া।ৰাঘৱ বৰ্জন কৰি আমি তেওঁলোককো বৰ্জন কৰিলো নেকি?
আহিব লগীয়া অসমীয়া চিনেমাৰ বাবে ভাল লক্ষণ নহয় এইয়া।
তথাপিও কওঁ নাটক চিনেমাৰ বাহিৰে আমি বহুতেই বেলেগ একো কাম নকৰো, গতিকে আমাৰ সৃষ্টিক বেয়া পালে গঠনমূলক সমালোচনা কৰক সেইয়া অসমীয়া ৰাইজৰ অধিকাৰ আছে।
কিন্তু আমাৰ মাজত শত্ৰুতাৰ বীজ সিঁচি নিদিব।
আজি যতীন বৰা,মৃদুলা বৰুৱা,নিশ্চিতা গোস্বামী,হিৰণ্য ডেকা,প্ৰদীপ দৈমাৰী,অমৃত প্ৰীতম এওঁলোকে ৰাঘৱ চিনেমাখনত কাম কৰাৰ বাবে তেওঁলোকৰ মূল্য হৈছে এক কেজি গাহৰি মাংস।
তাতকৈ আৰু দুখৰ কথা কি হব পাৰে।
এখন digital war আৰম্ভ হৈছে। এই যুদ্ধ সমাপ্ত হওক।সকলোৱে অসমীয়া চিনেমাৰ উন্নতিৰ বাবে যুদ্ধ কৰো।
সদায় কোৱাৰ দৰে আজিও কম
জয় অসমীয়া চিনেমাৰ জয়।।।
ৰাজেশ ভূঞা

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme