ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰখনে ক্ৰমান্বয়ে অসমৰ ৰাইজৰ সমস্যা সমূহ এটা এটাকৈ সমাধানৰ ক্ষেত্ৰত দিনে নিশাই কাম কৰি আহিছে৷ তাৰ মাজতেই নগাঁওবাসী ৰাইজলৈ সু-খবৰ৷ নগাঁও জিলাৰ ৰহাত আজি কপিলী নদীৰ ওপৰত নৱনিৰ্মিত পকী দলং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰহা সমষ্টিৰ অন্তৰ্গত আমচৈ-চাপৰমুখ সংযোগী পথত লোকনিৰ্মাণ বিভাগে ৰাজ্যৰ স্ব-অগ্ৰাধিকাৰপ্ৰাপ্ত উন্নয়ন (এছঅ’পিডি) আঁচনি শিতানৰ ১০.৩৫ কোটি টকা ব্যয়ৰে প্ৰায় ১৫৩ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত ৰাইজক সম্বোধি মন্ত্ৰী হাজৰিকাই কয় যে ‘‘কপিলী নদীৰ ওপৰত এই নতুন পকী দলংখনৰ নিৰ্মাণে ৰহাবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ কৰাৰ লগতে পথটিৰে যাতায়তৰ ক্ষেত্ৰত ইমান দিনে সমষ্টিবাসীয়ে ভোগ কৰা দুখ-কষ্টৰো যৱনিকা পৰিল’’। সমষ্টিটোৰ অন্তৰ্গত পথসমূহৰ দ্ৰুত উন্নীতকৰণত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিশেপ গুৰুত্ব আৰোপ কৰিছে বুলি দোহাৰি মন্ত্ৰী হাজৰিকাই আগন্তুক দুটা বছৰৰ ভিতৰতে ৰহা সমষ্টিৰ পথ আন্তঃগাঠনিৰো ব্যাপক উন্নতি ঘটিব বুলি ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাস, ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত-সচিব ৰাজেশ কেম্প্ৰাই, নগাঁৱৰ উপায়ুক্ত নিশাংক হিভাৰেও অংশগ্ৰহণ কৰে।