দেশজুৰি পালন কৰা হ’ল পবিত্ৰ ঈদ-উল ফিতৰ।দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ’ল ঈদ-উল ফিতৰ।
কিন্তু ৰমজান মাহতে কিয় পালন কৰা হয় ঈদ?এই প্ৰশ্নই প্ৰায় সকলোকে বিব্ৰত কৰে। ঈদ বা ঈদ-উল ফিতৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ উত্সৱৰ এটা।ঈদ-উল ফিতৰ হৈছে এটা আৰবী শব্দ, ইয়াৰ অৰ্থ ৰোজা ভঙা দিৱস। আনহাতে দ্বিতীয়টো হ’ল ঈদ-উল জুহা ধৰ্মীয় পৰিভাষাত ইয়াক য়ম মূল জায়েজ অৰ্থাত্ পুৰস্কাৰ দিৱস কোৱা হৈছে।দীৰ্ঘ সময় ৰোজা ৰখাৰ পাছত মূছলীমসকলে উক্ত দিনটোত ধৰ্মীয় কৰ্তব্য পালনসহ খুব আনন্দৰ সৈতে পালন কৰা পৰিলক্ষিত হয়।চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়।
চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়
এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যা লৈকে এই সময়ছোৱা হ’ল চন্দ্ৰ মাহ।এই হিচাপ মতে ৰমজান মাহৰ অন্তত “চাৱল”মাহৰ নতুন জোনে দেখা দিয়াৰ পিছদিনা ঈদ উত্সৱ পালন কৰা হয়। ইছলাম ধৰ্মী লোকসকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হীৰা পৰ্বতত গোহাত ধ্যান কৰি থকাৰ সময়ত হজৰত মহম্মদে আল্লাহৰ বাণী শুনিবলৈ পাইছিল।সেই বাণীয়ে হ’ল কোৰাণ শ্বৰীফ। সেয়ে পবিত্ৰ মাহত মূছলামানসকলে ৰোজা বা উপবাস পালন কৰিলে পুণ্য লাভ কৰে বুলি বিশ্বাস কৰা হয়।ঈদ কিয় পালন কৰা হয় ইয়াৰ অন্তৰালত বিভিন্ন মতভেদ আছে যদিও অতীজৰে পৰা পবিত্ৰ ঈদে কঢ়িয়াই আনিছে শান্তি আৰু সম্প্ৰতিৰ বাৰ্তা।