1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:32 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ৰক্ষা কৰক মহোদয়! মোক ৰক্ষা কৰক, মোৰ পত্নীৰ ৫ গৰাকী স্বামী, আটাইকেইটা বৰ্বাদ হ’ল এইবাৰ তাই মোক বৰ্বাদ কৰিব

  • Update Time : Tuesday, July 9, 2024

মধ্য প্ৰদেশৰ ছটাৰপুৰত এগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নী ইতিমধ্যে বিয়া হৈ গৈছে। কেৱল এটাই নহয় বহুবাৰ বিয়া হৈছে৷ অভিযোগ অনুসৰি বিয়া কৰাই টকা আত্মসাৎ কৰে মহিলাগৰাকীয়ে আৰু স্বামীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। বৰ্তমানৰ স্বামীয়ে এই অভিযোগ উত্থাপন কৰিছে৷ ফুলচান্দ কুশবাহা নামৰ ব্যক্তিগৰাকীয়ে উত্থাপন কৰা এই অভিযোগক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই সন্দৰ্ভত ভুক্তভোগী ফুলচান্দে আৰক্ষীক দাখিল কৰিছে এজাহাৰ৷ খবৰ অনুসৰি, ২০১১ চনত মহিলাগৰাকীৰ সৈতে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল ফুলচান্দ৷

ফুলচান্দ কুশৱাহাই কয় যে বিনীতা ওৰফে বৃজেশ ওৰফে ছালমাই মোক প্ৰেমৰ জালত আৱদ্ধ কৰি ২০১১ চনত মোক বিয়া কৰাইছিল। বিয়াৰ পিছত ফুলচান্দে গম পালে যে বিনীতাই বিউটি পাৰ্লাৰত কাম কৰে আৰু উক্ত ব্যৱসায়ৰ আৱৰণত বিনীতা বহু অনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল৷ যাৰ বিৰোধিতা কৰিছিল ফুলচান্দে, যাৰ বাবে ফুলচান্দেৰ বিৰুদ্ধে ফুলচান্দৰ পত্নীয়ে চিভিল লাইন থানা ছটাৰপুৰত ভুৱা এজাহাৰো দাখিল কৰিছিল। ফুলচান্দে জনোৱা মতে, তেওঁৰ পত্নী বিনীতা ওৰফে ব্রিজেশা ওৰফে ছালমাৰ ২০০০ চনত ৰামবীৰ টোমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কুশৱাহাই জনোৱা মতে, ৰামবীৰ তোমৰৰ সম্পত্তি দখল কৰাৰ পিছত বিনীতাই ২০০৬ চনতৰ নাম সলনি কৰি ছালমা নাম ধাৰণ কৰে। ইয়াৰ পিছত তাই ভূৰে খান নামৰ এজন ব্যক্তিক বিয়া কৰায়। পিছলৈ ভূৰে খানৰ সম্পত্তি আত্মসাৎ কৰি পুনৰ বিনীতা সিং হয় আৰু ২০০৮ চনত পুনৰ হিন্দু হৈ টিকমগড়ৰ নিবাসী অজয় ​​খৰায়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইফালে ২০০৯ চনত ছাটাৰপুৰৰ বাসিন্দা জগদীশ প্ৰসাদ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পিছত ২০১১ চনত আবেদনকাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া আবেদনকাৰীক হত্যা কৰিবলৈ আৰু থানাত ভুৱা প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰেমিক-প্ৰেমিকাৰে ভাবুকি দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme