1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:15 am

৯ বছৰৰ পাছত ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত ভেলেণ্টাইন উইকৰ সময়ত পুনৰ ছবিগৃহত মুক্তি পালে ছবিখনে, আৰু উপাৰ্জন কৰিলে চাৰিদিনত ১৮ কোটি টকা

  • Update Time : Tuesday, February 11, 2025

দ্বিতীয়টো সুযোগ পোৱাটো অতি গুৰুত্বপূৰ্ণ। ২০১৬ চনত মুক্তি পোৱা ‘সনম তেৰী কছম’ ছবিখনে সেই সময়ত বক্স অফিচত আশা কৰা ধৰণে সফলতা লাভ কৰিব পৰা নাছিল। কিন্তু ৯ বছৰৰ পাছত ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত ভেলেণ্টাইন উইকৰ সময়ত পুনৰ ছবিগৃহত মুক্তি পালে ছবিখনে। এইবাৰ ছবিখনে প্ৰথম দিনাই ৪ কোটি টকা উপাৰ্জন কৰে, যিটো প্ৰথম মুক্তিৰ তুলনাত বহু বেছি। ছবিখনৰ গীত আৰু প্ৰেম কাহিনীয়ে সময়ৰ লগে লগে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল, যাৰ ফলত পুনৰ মুক্তি পোৱাৰ লগে লগে ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। কেতিয়াবা সময়ৰ লগে লগে দৰ্শকৰ ৰুচি সলনি হয়, আৰু কোনো ছবি বা ব্যক্তিক দ্বিতীয়বাৰৰ বাবে সুযোগ দিলে নতুন সফলতা লাভ কৰিব পাৰে। ছবিখন Re-release কৰা দিনটোৰ পৰা আজিলৈ ছবিখনৰ উপাৰ্জন হৈছে ১৮ কোটি টকা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme