1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 12:27 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

৯০ দশকক বোলছবিৰ জৰিয়তে উভতাই অনাৰ কুচ-কাৱাজ ৪ তাৰকাৰ

  • Update Time : Friday, June 14, 2024

বৰ্তমানে আমুৱাইছে বলিউদক, যেন অত্যাধিক হলিউদ বোলছবিৰ নকল, অযথা যৌন উত্তেজক দৃশ্য আৰু কোনো ইতিবাচক
বাৰ্তা নোহোৱা বোলছবিৰে দৰ্শকক বিৰক্তি দি দি ভাগৰি পৰিছে বলিউদ৷ সেইবাবেই যেন বলিউদে আৰম্ভ কৰিছে উভতনি যাত্ৰা৷ মনত কৰক ৯০ দশকৰ বলিউদ বোলছবিসমূহৰ সেই স্বৰ্ণিল সময়৷ যত প্ৰতিখন বোলছবিয়েই আছিল পৰিয়ালৰ সকলোৰে সৈতে একেলগে উপভোগ্য৷ পিছে সময়ৰ লগে লগে অতিমাত্ৰা পাশ্চাত্যকেন্দ্ৰিক হোৱা বাবেই বলিউদে হেৰুৱাব লগাত পৰিছিল নিজস্ব স্বকীয়তা৷ কিন্তু হঠাতেই বলিউদলৈ উভতি আহিছে যেন ৯০ দশকৰ সেই সোণালী দিন৷ দৰাচলতে বিভিন্ন খবৰ কাকতৰ পেজ 3 ত প্ৰকাশ পোৱা খবৰ অনুসৰি, পুনৰ একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিবলৈ সাজু আমিৰ খান আৰু জুহি চাওলা। নক’লেও হ’ব ৯০ দশকত জুহি চাওলা আৰু আমিৰ খানৰ যুটি আছিল অতিকৈ জনপ্ৰিয়৷ কয়ামত চে কয়ামত টক, ইস্ক, অণ্ডাজ অপনা অপনা, হম হ্যে ৰাহি প্যাৰ কে, টুম মেৰে হো, লাভ লাভ লাভ, দৌলত কি জং ইত্যাদি সফল বোলছবিৰ জৰিয়তে আমিৰ-জুহিয়ে সেই সময়ত খলকণিৰ সৃষ্টি কৰিছিল৷ শেহতীয়াকৈ এক অনুষ্ঠানত দীৰ্ঘদিনৰ পিচত একেলগে দেখিবলৈ পোৱা গৈছে জুহি চাওলা আৰু আমিৰ খানক৷ ইয়াৰ লগে লগে চৰ্চা চলিছে বলিউদৰ এইহাল হিট যুটিক
পুনৰ একেলদে দেখিবলৈ পোৱা যাব নেতি ৰূপালী পৰ্দাত৷ পিছে আগন্তুক পৰিকল্পনাৰ বিষয়ে এই সন্দৰ্ভত দুয়োগৰাকী তাৰকাই কোনোধৰণৰ আনুষ্ঠানিত মতামত ব্যক্ত কৰা নাই৷ আনহাতে সাজু হৈছে ছানি দেউল আৰু প্ৰীতি জিণ্টাও৷ দিল্লগী, য়্যে ৰাস্তে হ্যে প্যাৰ কে, দ্যা হিৰ’, হিৰ’জ আদি বোলছবিত একেলগে দেখিবলৈ পোৱা গৈছিল প্ৰীতি জিণ্টা আৰু ছানী পাজীক৷ একেদৰে খবৰ ওলাইছে শীঘ্ৰেই বৰ্ডাৰ-২ বোলছবিখনৰ কামো আৰম্ভ হ’ব৷ সেয়ে চিনে অনুৰাগীসকলৰ মাজত চৰ্চা
আকৌ লগ হ’ব আমিৰ,জুহি, ছানী আৰু প্ৰীতি৷ বি-টাউনৰ পৰা অহা এই খবৰ যদি সঁচা প্ৰমাণিত হয় তেন্তে পুনৰ সূচনা হ’ব ৯০ দশকৰ বলিউদ উদ্যোগৰ সেই সোণালী সুদিন৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme