সুদীৰ্ঘ ৫০ বছৰৰ পাছত সমগ্ৰ বিশ্ববাসী সাক্ষী হ’ব এক বিৰল মহাজাগতিক পৰিঘটনাৰ, ফাকুৱাৰ ১৫ দিনৰ পাছত অৰ্থাৎ চ’তৰ অমাৱস্যাৰ সময়তে হ’ব সূৰ্যগ্ৰহণ। আকাশমাৰ্গত ৭ মিনিট ৩০ চেকেণ্ডৰ বাবে দেখা পোৱা নাযাব সূৰ্যক। এই সূৰ্যগ্ৰহণৰ আছে এক বিশেষ তাৎপৰ্য, বিগত ৫০ বছৰে এনে এটাও সূৰ্যগ্ৰহণ হোৱা নাই, সুদীৰ্ঘ ৫০ বছৰৰ পাছত ৮ এপ্ৰিলত হ’ব এই সূৰ্যগ্ৰহণ। ৮ এপ্ৰিলৰ নিশা ৯ বাজি ১২ মিনিটৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ, আনহাতে পূৰ্ণগ্ৰহণ আৰম্ভ হ’ব ১০ বাজি ৮ মিনিটত। সম্পূৰ্ণৰূপে চন্দ্ৰই সূৰ্যক ঢাকি ধৰিব নিশা ১১ বাজি ৪৭ মিনিটত। এই সূৰ্যগ্ৰহণৰ পৰিসমাপ্তি ঘটিব ৯ এপ্ৰিলৰ মাজনিশা ১ বাজি ২৫ মিনিটত। এই সূৰ্যগ্ৰহণৰ দূৰত্ব হ’ব মাত্ৰ ৩,৬০,০০০ কিলোমিটাৰ। ১৯৭৩ চনত শেষবাৰৰ আফ্ৰিকা মহাদেশৰ আকাশত দেখিব পোৱা গৈছিল এই বিৰল পৰিঘটনা। জ্যোতিৰ্বিজ্ঞানীসকলৰ অনুসৰি ইয়াৰ পিছত এনে দীৰ্ঘ সূৰ্যগ্ৰহণ হ’ব ২১৫০ চনত। ৮ এপ্ৰিলৰ এই সূৰ্যগ্ৰহণ মেক্সিকো, আমেৰিকা, কানাডা, মণ্টানা, নৰ্থ ডাকোটা, ছাউথ ডাকোটাৰ পৰা দৃশ্যমান হ’ব, অৱশ্যে ভাৰতত দেখিব পোৱা নাযাব এই সূৰ্যগ্ৰহণ। ১৯৭০ চনত আমেৰিকাৰ এক সংবাদ পত্ৰই ভবিষ্যদ্বাণী কৰিছিল যে ২০২৪ চনত উত্তৰ আৰু মধ্য আমেৰিকাত সূৰ্যৰ পূৰ্ণগ্ৰহণ দেখা যাব।