1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:23 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৮৫. ৪৬ শতাংশ উত্তীৰ্ণৰে এইবাৰ শীৰ্ষত উজলিছে ধেমাজি, উত্তীৰ্ণৰ হাৰ সৰ্বাধিক কম কোন জিলাত?

  • Update Time : Tuesday, June 7, 2022

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ২০২২ বৰ্ষত ৰাজ্যৰ মুঠ ৪,০৫, ৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত৷ তাৰ ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০জন ছাত্ৰ অৱতীৰ্ণ হৈছে পৰীক্ষাত৷ আনহাতে পৰীক্ষাত উত্তীৰ্ণ হৈছে ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী৷ চলিত বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ৷ ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৮.৪৯ শতাংশ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টত এইবাৰ ৮৫. ৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত উজলিছে ধেমাজি৷ ধেমাজিৰ পিছতেই উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ডিমা হাছাওত৷ ৮১.৩১ শতাংশৰে উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে ডিমা হাছাও, উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে শিৱসাগৰ জিলা৷ শিৱসাগৰত মুঠ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৮১.১৭ শতাংশ৷

উল্লেখ্য যে উত্তীৰ্ণ হাৰ সৰ্বাধিক কম হোৱা জিলাৰ ভিতৰত স্থান লাভ কৰিছে চিৰাং জিলাই৷ মাত্ৰ ৩৪.২৭ শতাংশ উত্তীৰ্ণৰে একেবাৰে তলৰ স্থান দখল কৰিছে চিৰাং জিলাই৷ উত্তীৰ্ণৰ হাৰ কমেৰে দ্বিতীয় স্থানত আছে হোজাই জিলা৷ হোজাইত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৩৭.২৯শতাংশ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme