1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:18 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৮০০ বাৰ কুকুৰে কামোৰাৰ পিছতো জীয়াই থকা ছোৱালীজনী…

  • Update Time : Thursday, March 17, 2022

ডিজিটেল ডেস্কঃ সমাজত প্ৰচলিত আছে এটা উক্তি, “কুকুৰ প্ৰভুভক্ত”৷ বৰ্তমান সময়ত আভিজাত্যৰ প্ৰতীক হৈ পৰিছে এটা কুকুৰ, বজাৰো দখল কৰিছে নানা প্ৰজাতিৰ কুকুৰে৷ কিন্তু কেতিয়াবা ভাবিছেনে আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটো আপোনাৰ বাবে ভয়ংকৰ হৈ পৰিব!

কুকৰ প্ৰাণী বিধক আমি বহুতেই ঘৰত ৰক্ষণাবেক্ষণ দিও যদিও কুকুৰ এবিধ অতি ভয়ংকৰ প্ৰাণী। কুকুৰে এবাৰ মানুহক কামুৰিলে ল’ব লাগে ইয়াৰ প্ৰতিষেধক। আপুনি হয়তো শুনিলে বিশ্বাস নকৰিব আমেৰিকাৰ জেকলিন নামৰ ২২ বছৰীয়া এগৰাকী যুৱতীক এটা কুকুৰে ৮০০ বাৰ কামোৰে। যাৰ ফলত মহিলাগৰাকীৰ কাণ, নাক, ওঁঠ আৰু সম্পূৰ্ণ মুখমণ্ডল নষ্ট হৈ যায়। কুকুৰটোৱে কামোৰাত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ। এই ঘটনাৰ পিছত অতি আশংকাত ভুগি আছিল যুৱতীগৰাকী, কিয়নো যুৱতীগৰাকীৰ প্ৰেমিক নাথনে তেওঁক এৰি থৈ যাব। কিন্তু যুৱতীগৰাকীৰ প্ৰেমিকে এতিয়াও প্ৰেমিকাৰ লগতে আছে।

এই ঘটনা ঘটিছিল বিগত বৰ্ষৰ ডিচেম্বৰ মাহত। ঘটনাটোৰ পিছৰে পৰা প্ৰেমিক-প্ৰেমিকাহালৰ মৰম ভালপোৱা ক্ৰমান্বয়ে বাঢ়ি গৈছিল৷ পৰৱৰ্তী সময়ত জেকলিনে যেতিয়া নাথনক সুধিছিল যে তুমি মোৰ লগত কিয় এতিয়াও আছা? নাথনে কৈছিল যেতিয়া মই ভয়ংকৰ কৰ্কট ৰোগত ভুগি আছিলো তেতিয়া তুমি মোৰ ওচৰত আছিলা, আৰু যাৰ বাবে তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ৷

চিবিএছ সংবাদ প্ৰতিষ্ঠানটোত বাৰ্তালাপৰ জৰিয়তে জেকলিনে জনায় যে, কুকুৰটোৰ মালিক ডাক্তৰ জাষ্টিন বিশপ আৰু তেখতৰ পত্নীয়ে কুকুৰটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব জেকলিনক দিছিল৷ জাৰ্মান শ্বেফৰ্ড আৰু পিটবুল প্ৰজাতিৰ কুকুৰ দুয়োটাই কামোৰে জেকলিনক৷ সম্পূৰ্ণ ৭ ঘন্টাযোৰা অস্ত্ৰোপ্ৰচাৰৰ অন্তত প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ৷ তেওঁ ৪৯ দিন চিকিৎসালয়ত কটাই ঘৰলৈ উভতে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme