২০২৪ চনৰ জুন মাহৰ পৰা মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। সুনীতা উইলিয়ামছ মহাকাশত আবদ্ধ হৈ পৰা আজি ৭ মাহতো অধিক হ’ল। এতিয়া সুনীতা উইলিয়ামছৰ বিষয়ে আহি থকা তথ্য আচৰিত। খোজ কাঢ়িবলৈ পাহৰি গৈছে সুনীতা উইলিয়ামছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হাতত এতিয়া ঘূৰি আহিবলৈ মাত্ৰ এটা বিকল্প বাকী আছে।
সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলমৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ প্ৰায় ৭ মাহ ধৰি অপেক্ষা কৰি আছে। সমগ্ৰ দেশ আৰু বিশ্বৰ মানুহে এই দুয়োৰে নিৰাপদে উভতি অহাৰ বাবে প্ৰাৰ্থনা আৰু অপেক্ষাত আছে। ইফালে সুনীতা উইলিয়ামছৰ এক বক্তব্যই সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিলে। ২৩৭ দিন ধৰি মহাকাশত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে কয় যে তেওঁ ‘খোজ কঢ়াৰ অনুভৱ কেনেকুৱা হয় সেই কথা মনত পেলাবলৈ চেষ্টা কৰিছে’।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২৭ জানুৱাৰীত আমেৰিকাৰ নিধাম হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি থকাৰ
সময়তে নাছাৰ ৫৯ বছৰীয়া মহাকাশচাৰীগৰাকীয়ে প্ৰকাশ কৰে যে… space station-ত জীয়াই থকাটো কেনেকুৱা? “মই ইয়াত বহুদিনৰ পৰা আহিছো আৰু খোজ কাঢ়িলে কেনেকুৱা হয় মনত পেলাবলৈ চেষ্টা কৰিছো। খোজ কাঢ়ি যোৱা নাই। বহি থকা নাই। শুই থকা নাই। তেনেকুৱা কৰিব নালাগে, ”
উইলিয়ামছে ছাত্ৰ-ছাত্ৰীসকলক ইমান দিন মহাকাশত থাকিব নালাগে বুলিও কয় আৰু কয় যে এইটো “অলপ শ্বক”।
সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তনক লৈ এতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া বহুতে উইলিয়ামছ আৰু সহযোগী মহাকাশচাৰী বুচ উইলম’ৰৰ সুৰক্ষাৰ বাবে আশংকা কৰিছে।
ড’নাল্ড ট্ৰাম্পে ২০২৪ চনৰ ৫ জুন তাৰিখৰ পৰা মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা বয়িং ষ্টাৰলাইনাৰৰ দুগৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক ঘূৰি অহাৰ সুবিধা প্ৰদান কৰিবলৈ কোটিপতি ইলন মাস্কক কয়। উইলিয়ামছ আৰু উইলম’ৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত মাত্ৰ ৮ দিন থকাৰ কথা আছিল যদিও বয়িঙৰ মহাকাশযানৰ বিজুতিৰ বাবে কেইবামাহো ধৰি মহাকাশত আবদ্ধ হৈ আছে।