1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:42 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

৭ খনকৈ বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ব্যৱসায়ী প্ৰদীপ কুমাৰ বসুমতাৰীৰ

  • Update Time : Thursday, May 23, 2024

চিৰাঙৰ কাজলগাঁৱত বিশিষ্ট ব্যৱসায়ীৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধণা। চিৰাঙৰ সংবাদাতা হাবিজুল ৰহমানে প্ৰদান কৰা তথ্য অনুসৰি কাজলগাঁও বজাৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধণা অনুষ্ঠানত কাজলগাঁও মহকুমাৰ ৭ খন হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিটো বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীক দহ হাজাৰ টকাৰ চেকসহ সম্বৰ্ধণা জনায়। কাজলগাঁও হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দহ গৰাকী ছাত্ৰ-ছাত্ৰীক ৫ হাজাৰ টকাৰ চেকসহ সম্বৰ্ধণা জনোৱা হয়। সম্বৰ্ধণা অনুষ্ঠানত চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্ম, গোসাইগাঁও বিঊড কলেজৰ অধ্যক্ষ অজিত বড়ো, কাজলগাঁও উপেন্দ্ৰ নাথ ব্ৰহ্ম কলেজৰ অধ্যক্ষা ড° নীলপদ্মিনী ৰাভা, শিক্ষাবিদ ৰঞ্জিত মুচাহাৰী সহ সম্বৰ্ধণা জনোৱা বিদ্যালয় সমূহৰ অধ্যক্ষ সকলো উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানটিৰ আয়োজক কাজলগাঁও ফুংবিলি চুইট ষ্টলৰ স্বত্বাধিকাৰী প্ৰদীপ কুমাৰ বসুমতাৰীয়ে কয় যে বিগত সময়ত বড়ো আন্দোলনৰ বাবে আৰু আৰ্থিক দৈন্যতাৰ কাৰণে মই উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। আজি মই ব্যৱসায়েৰে স্বাৱলম্বী হৈ শিক্ষাৰ ক্ষেত্ৰত কিছু কৰিবলগীয়া আছে বুলি ভাৱিয়ে এই ধৰণৰ কাৰ্য্যসূচী হাতত লৈছো। মই উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা নাছিলো সেয়ে শিক্ষাৰ্থী সকলক উৎসাহিত কৰিবলৈ আৰু আৰ্থিক সহযোগিতাৰ মানসেৰে বিভিন্ন শিক্ষাবিদ সকলক আনি শিক্ষামুলক পৰামৰ্শ দিয়াৰো ব্যৱস্থা কৰা বুলি জানিব দিয়ে ব্যৱসায়ী প্ৰদীপ কুমাৰ বসুমতাৰীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme