1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:55 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

৬২ বছৰীয়া এগৰাকী লোকৰ আজৱ কাণ্ড

  • Update Time : Saturday, March 9, 2024

২০২০ বৰ্ষতো আছিল সকলোৰে বাবে ভয়াৱহ, সেই সময়ছোৱাত সমগ্ৰ বিশ্ব পৰিছিল ক’ভিড মহামাৰীৰ ত্ৰাসত। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজেষ্ঠ লোকলৈ সকলো যেন চিকাৰ হৈছিল এই মহামাৰীত। অৱশ্যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অৱশেষত উলিওৱা ক’ভিড মহামাৰীৰ ভেকচিন। কিন্তু এই ভেকচিনৰ লগতে এগৰাকী ব্যক্তিয়ে কৰিলে আজৱ কাণ্ড; এটা বা দুটা নহয় এগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিলে ২১৭ টা ভেকচিন। জাৰ্মানীৰ ৬২ বছৰীয়া এজন ব্যক্তিয়ে মুঠ ২১৭ বাৰকৈ কৰ’না গ্ৰহণ কৰিছিল ভেকচিন। চিকিৎসকৰ অনুসৰি চিকিৎসা সম্পৰ্কীয় পৰামৰ্শক আওকাণ কৰি তেওঁ নিজেই এই কাম কৰিছিল। এই অবিচাছ্য পৰিঘটনাটো বিশ্ববিখ্যাত লেন্সেট এফেকটিভ ডিজিজেছ জাৰ্নেলত প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে ব্যক্তিজনে নিজে কৰ’না ভেকচিন ক্ৰয় কৰি ব্যক্তিগতভাৱে দেহত প্ৰয়োগ কৰিছিল। ২৯ মাহৰ ভিতৰত এটা এটাকৈ ২১৭টা ভেকচিন গ্ৰহণ কৰিছে, কিন্তু বৰ্তমানলৈ তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। ২১৭ টা ভেকচিন লোৱাৰ পাছত সুস্থ হৈ আছে ব্যক্তিগৰাকী। এৰলাংগেন-নুৰেমবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মন্তব্য কৰে যে ২১৭ টা ভেকচিন লোৱাৰ পাছতো ব্যক্তিজনৰ শৰীৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নগ’ল, তেওঁ কোনো কষ্ট ভোগ কৰিবলগীয়া হোৱা নাছিল। চিকিৎসকলে মন্তব্য কৰে যে আমি নিজেই মানুহজনৰ পৰা তেজৰ নমুনা ল’বলৈ সক্ষম হৈছিলো। আনুষংগিক গৱেষণা চলি থকাৰ সময়তে তেওঁ নিজৰ আগ্ৰহেৰে কৰ’না ভেকচিন লৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme