1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:34 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৪ দিনৰ বাবে গুৱাহাটী হ’ব একেবাৰেই বেলেগ

  • Update Time : Tuesday, September 3, 2024

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এমাহ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰো উলহ-মালহেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে পূজা উদযাপন সমিতিসমূহ। বিগত বৰ্ষৰ দৰে এইবাৰো ব্যতিক্ৰমী থীমেৰে ভক্তপ্ৰাণ ৰাইজক চমক দিবলৈ সাজু হৈছে মহানগৰীৰ কেইখনমান বিশেষ পূজা। গুৱাহাটীৰ দুৰ্গা পূজা বুলি ক’লে মনলৈ আহে ৰিহাবাৰীৰ বিলপাৰৰ দুৰ্গা পূজাৰ লগতে বেলতলা লক্ষ্মী মন্দিৰ পূজা, পাণ্ডুৰ কালিবাৰী ৰেষ্টকেম্পৰ দুৰ্গা পূজা, আৰ্যনগৰ নতুন বস্তি দুৰ্গা পূজা, বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজাৰ লগতে শান্তিপুৰ শ্লুইচগেটৰ দুৰ্গা পূজাই মুখ্যত৷ খবৰ অনুসৰি মহানগৰীৰ কেইখনমান আঢ্যৱন্ত দুৰ্গা পূজা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক চমক দিবলৈ ব্যয়বহুল আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ এইবাৰ বিষ্ণুপুৰ সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৰাজস্থানৰ ঐতিহাসিক পুৰণী হাভেলীৰ পৰা অনুপ্ৰাণিত এক অনন্য থীমৰে উদযাপন কৰিব দুৰ্গা পূজা৷ ৰাজস্থানৰ ঐতিহাসিক পুৰণি প্ৰাসাদসমূহৰ স্থাপত্যৰ আড়ম্বৰ প্ৰদৰ্শন কৰি ৫০ লাখ টকাৰ বাজেটৰ সৈতে ৬৫ৰ পৰা ৭০ ফুট উচ্চতাৰে জীৱন্ত হৈ পৰিব ৰাজস্থানৰ সংস্কৃতি৷ আৰ্যনগৰৰ নতুনবস্তি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ এই উপলক্ষে হেৰী পটাৰ থিমৰ এক অনন্য পেণ্ডেল বাছনি কৰিছে উদ্যোক্তাসমূহে৷ একেদৰে
পাণ্ডু নিউ কলনীৰ আজাদ হিন্দ ক্লাবৰ উদ্যোগত চীনৰ মাকাউৰ বিশ্ব বিখ্যাত ‘গ্ৰেণ্ড লিছব’য়া’ হোটেলৰ পৰা অনুপ্ৰাণিত হৈ থিমযুক্ত পেণ্ডেলৰ জৰিয়তে ৭২ বছৰীয়া দুৰ্গা পূজাৰ উদযাপনৰ বাবে সাজু হৈছে। জানিব পৰা মতে পাণ্ডু নিউ কলনীৰ এইবাৰৰ দুৰ্গাপূজাৰ বাজেট ১৭ লাখ টকা৷ আনহাতে ৰিহাবাৰী বিলপাৰ দুৰ্গা পূজা সমিতিৰ উদ্যোগত বাঁহেৰে নিৰ্মিত ইকো-ফ্ৰেণ্ডলি পেণ্ডেলৰ জৰিয়তে দুৰ্গা পূজা উদযাপন কৰিবলৈ সাজু হৈছে। মুঠতে দুৰ্গাপূজাৰ কেইদিন পাহৰি যাব আপুনি গুৱাহাটীতেই আছে নে আন কৰবাত৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme