দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ মণি-মুকুতাৰ বিষয়ে বিভিন্ন কাহিনী আছে। কোৱা হয়, পুৰীৰ ৰত্নভাণ্ডাৰৰ অন্ধকাৰ কোঠাটোত জগন্নাথ মন্দিৰৰ বিশাল মণিবোৰ সাপে
পহৰা দি আছে! কিন্তু সেই সকলোবোৰ দাবী প্ৰমাণিত হোৱা নাই। এতিয়াৰ বাবে দেওবাৰে জুৱেল ভল্টৰ দুৱাৰ খোলাৰ পিছত প্ৰৱেশ কৰিব ১১ জনীয়া এটা দল। অৱশ্যে
মন্দিৰৰ সূত্ৰ অনুসৰি দেওবাৰে কোষাগাৰৰ ভিতৰৰ পৰা কোনোধৰণৰ ধন-সম্পত্তি উলিয়াই অনাৰ কাম নাথাকিব। দেওবাৰে ১১ জনীয়া দলটোৱে কেৱল ট্ৰেজাৰ হাউছৰ
ভিতৰৰ অংশহে অন্বেষণ কৰিব। দেওবাৰে ৰত্নভাণ্ডাৰৰ দুৱাৰ মুকলি কৰাৰ পিছত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এক্স হেণ্ডেলত পোষ্ট কৰি এই কামৰ সফলতা
কামনা কৰে। তেওঁৰ অফিচৰ এক্স হেণ্ডেলত এটা পোষ্টত লিখা আছিল, ‘হে জগন্নাথ, আপোনাৰ ইচ্ছামতে এই মন্দিৰৰ চাৰিখন দুৱাৰ পুনৰ ৪৬ বছৰৰ পাছত মন্দিৰৰ
মণিৰ দুৱাৰখন আপোনাৰ ইচ্ছামতে খুলি দিয়া হ’ল। এই মহান কাম সফল হ’ব বুলি মোৰ দৃঢ় বিশ্বাস।’