1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 18, 2025, 4:22 pm

৪৩ বছৰ বয়সতো ধোনীৰ আচৰিত বেগ, হতবাক সকলো এয়া কিদৰে সম্ভৱ?

  • Update Time : Thursday, April 10, 2025

CTA Sports Desk- চলিত IPL-ত একেৰাহে চাৰিখন মেচত পৰাজয়ৰ তিক্ত সোৱাদ লৈছে চেন্নাই ছুপাৰ কিংছে। যাৰ বাবে আটাইতকৈ অধিক সমালোচনাৰ সম্মুখীন হ’ব লগা হৈছে কেপ্তেইন কুলখ্যাত মহেন্দ্ৰ সিং ধোনীয়ে৷ পিছে, দলটোৰ এনে ব্যৰ্থতাৰ মাজতেই দৃষ্টি আকর্ষণ কৰিছে এম এছ ধোনীয়ে। ৪৩ বছৰ বয়সতো ষ্টাম্পৰ পিছফালে উইকেট কীপাৰ হিচাপে বিদ্যুৎ ক্ষিপ্ৰ গতিৰে ষ্টাম্পিং কৰি সকলোৰে দৃষ্টি কাঢ়িছে মহেন্দ্ৰ সিং ধোনাীয়ে৷ ইয়াৰ লগতে জঁপিয়াই দুর্দান্ত কেচো আয়ত্ত কৰিছে। IPL-ত নতুন ৰেকৰ্ডৰ গৰাকী হৈছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী। পঞ্জাব কিংছৰ ইনিংছৰ অষ্টম অ’ভাৰত আৰ অশ্বিনৰ বলত নেহাল ৱাধেৰাৰ কেচ আয়ত্ত কৰে ধোনীয়ে। IPL-ত এয়া ধোনীৰ ১৫০ সংখ্যক কেচ। IPL-তৰ ইতিহাসত ১৫০ টা কেচ আয়ত্ত কৰা ধোনীয়েই হৈছে একমাত্র উইকেট কীপাৰ। ধোনীৰ পিচতেই ১৩৭ টা কেচ আয়ত্ত কৰি দ্বিতীয় স্থানত আছে দীনেশ কার্তিক। চলিত IPL-তত মুম্বাই ইণ্ডিয়ানছ আৰু RCB-ৰ বিৰুদ্ধে ধোনীৰ ষ্টাম্পিং দেখিছে ক্রিকেটপ্রেমীয়ে। মুম্বাইৰ সূৰ্যকুমাৰ যাদৱক মাত্র ০.১২ ছেকেণ্ডত ষ্টাম্পড কৰিছিল ধোনীয়ে। পৰৱৰ্তী মেচত বেংগালুৰুৰ ফিল ছল্টক ষ্টাম্পড কৰে ০.০৯ ছেকেণ্ডত। ৪৩ বছৰ বয়সতো ধোনী বেগ দেখি হতবাক হৈ পৰিছে অনুৰাগীসকলৰ লগতে ক্রিকেট বিশ্ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme