আজি পুৱা ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে বাজেট। কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট ষষ্ঠবাৰৰ বাবে দাখিল কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই বাজেট নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট। মোডী চৰকাৰৰ অন্তিমখন বাজেট অনুসৰি ৫ বছৰত ভিতৰত ২ কোটি ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
লগতে,
৮০ কোটি জনতাৰ বাবে ৰেচন কাৰ্ড
২৫ কোটি জনতাক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত
জনধন একাউন্টত জমা ২.৭ কোটি টকা
১২ কোটি কৃষকক চৰকাৰে দিছে ঋণ
PM ধনজন একাউন্টৰ বাবে ৪ হাজাৰ কোটি টকা ধাৰ্য
যুৱ সমাজলৈ ২২.৫ লাখ কোটি টকাৰ মুদ্ৰা লোণ
১ কোটি পৰিয়ালক ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ
দেশত ৩খন ৰে’ল কৰিড’ৰ নিৰ্মাণ কৰা হ’ব
১১.৮ কোটি কৃষকলৈ প্ৰদান কৰিব চৰকাৰী সাহাৰ্য
ইয়াৰোপৰি লাখপতি বাইদেউ আঁচনিৰ সফতাৰ পিছত পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশত ১৫খন নতুন এইমছ স্থাপনৰ লগতে ৩৯০খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। ইফালে মাছমৰীয়াৰ বাবে গ্ৰহণ কৰা হ’ব নতুন আঁচনি।