1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:21 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান!

  • Update Time : Friday, June 28, 2024

মহানগৰীৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ‘উত্তৰণ ফাউণ্ডেচন’৷ বিগত কেইবাটাও বছৰৰ পৰা সামাজিক আৰু সাংস্কৃতিক দিশত ‘উত্তৰণ ফাউণ্ডেচনে’ বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ জানিব পৰা মতে, অহা ইংৰাজী ৩০ জুন, দেওবাৰে ২০২৩-২০২৪ শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ শিক্ষানুষ্ঠানৰ লগতে সমাজ জীৱনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়াৰ বাবে এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ যো-জা চলাইছে৷ ফটাশিল-আমবাৰী, বিষ্ণুনগৰত অনুষ্ঠিত হ’ব লগা উক্ত অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় কুৰিগৰাকীতকৈ অধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে উত্তৰণ ফাউণ্ডেচনৰ বিষয়ববীয়াই৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব উত্তৰণ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক তথা অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস, কাৰেণ্ট ট্ৰেণ্ড নেটৱৰ্কৰ কাৰ্যবাহী সম্পাদক মণ্টুল দলৈ, ১২ নং ৱাৰ্ডৰ পাৰিষদ তথা উত্তৰণ ফাউণ্ডেচনৰ অন্যতম উপদেষ্টা দিপাংকৰ বৈশ্য, বিশিষ্ট সমাজ সংগঠক আৰু উত্তৰণ ফাউণ্ডেচনৰ উপদেষ্টা ৰাজ আগৰৱাল, মধ্য গুৱাহাটী বিধান পৰিষদৰ সভানেত্ৰী আৰু উত্তৰণ ফাউণ্ডেচনৰ শুভাকাঙ্খী গীতাৰাণী কলিতা প্ৰমূখ্যে বহু বিশিষ্ট ব্যক্তি৷ উক্ত অনুষ্ঠানতেই সমূহ ৰাইজৰ উপস্থিতি বিনম্ৰতাৰে কামনা কৰে উত্তৰণ ফাউণ্ডেচনৰ সভাপতি সুনীল দাস আৰু সম্পাদকদ্বয় দিবাকৰ ৰাজবংশী আৰু জাহ্নৱ জ্যোতি দাসে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme