ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ অৱসৰপ্ৰাপ্ত এগৰাকী ফুটবল খেলুৱৈ, নাম ৰোমাৰিঅ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীৰ প্ৰেম কাহিনীয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ৫৬ বছৰ বয়সীয়া এইগৰাকী ফুটবল খেলুৱৈয়ে তেওঁতকৈ ২৫ বছৰ কম বয়সৰ মাৰ্চেল চিওলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে৷ মাৰ্চেলে ডিজিটেল ইনফ্লুয়েন্সাৰ হিচাপে কৰ্মৰত৷ শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকা হালে ৰুছ ফেষ্টিভেলত উঠা ফটো ভাইৰেল হৈ পৰিছে৷
ইয়াৰ পূৰ্বতেও বিবাহ পাশত আৱদ্ধ হৈছিল ৰোমাৰিঅ৷ বিয়াৰ পিছতে ১৯৯৫ চনত পত্নী মনিকা চেণ্টেৰোৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল৷ খেলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ৰাজনীতিত সোমাই পৰে৷ বহু যুৱতীৰ সৈতে সম্পৰ্ক আছিল ৰোমাৰিঅৰ৷ তেওঁ অনা কেৰোলিন নজাৰিঅ নামৰ ২২ বছৰীয়া ছাত্ৰী এগৰাকীৰ সৈতেও সম্পৰ্ক ৰাখিছিল, আৰু কেৰোলিনে ৬ সন্তানৰ মাতৃত্ব লাভ কৰিছিল৷ ৰোমাৰিঅ ছোৱালীৰ প্ৰতি ইমানেই দুৰ্বলতা আছে যে এগৰাকী অভিনেত্ৰীৰ সৈতেও সম্পৰ্ক আছিল তেওঁৰ আৰু এটা সন্তানৰ জন্ম হৈছিল৷ কিছুদিন আগতে ৰোমাৰিঅই এটা লিখনৰি জৰিয়তে জনাইছে যে তেখেতে ফুটবল খেলিবলৈ যোৱাৰ আগতে নিজ পত্নীৰ সৈতে যৌন সম্ভোগৰ আনন্দ লাভ কৰিছিল৷ খেলৰ আগতে সেই সম্ভোগৰ দ্বাৰা যথেষ্ট উপকৃত হয় ৰোমাৰিঅই৷ যেতিয়া ব্ৰাজিলৰ ফুটবল দলটোৱে বিশ্বকাপত জয় হৈছিল সেই সময়ত তেওঁ সেই দলৰ এজন সদস্য আছিল৷