1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:26 am

২৫ টাকৈ বিষাক্ত সাপ হত্যা কৰাৰ পিচত, গধূলী সাপে ল’লে হত্যাৰ প্ৰতিশোধ

  • Update Time : Wednesday, May 22, 2024

লাওখোৱা বন বিভাগৰ আজৱ কাণ্ডক লৈ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বন্যপ্রাণীক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিবৰ্তে হত্যা কৰাৰ পৰামৰ্শ দিলে বন বিভাগৰ। জুুৰীয়াৰ সংবাদদাতা তমিজ উদ্দিনে প্ৰেৰণ কৰা খবৰ অনুসৰি, জুৰীয়াৰ কছাৰীগাৱঁৰ ৰুস্তুম আলীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। ৰুস্তুম আলীৰ শোৱনী কোঠাত দেখিবলৈ পোৱা গৈছিল ২৫-ৰ পৰা ২৬ টাকৈ বিষাক্ত সাপৰ পোৱালী।

ঘৰত সাপ ওলোৱাৰ বিষয়ে ৰুস্তুম আলীয়ে অৱগত কৰে পাৰ্শ্বৱৰ্তী ৰৌমাৰী বন শিবিৰক। বন বিভাগৰ লোক আহি সাপসমূহ উদ্ধাৰ কৰাৰ পৰিৱৰ্তে মাৰি পেলাবলৈ হে পৰামৰ্শ দিয়ে। পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে কোঠালিটো কুৰেৰে খান্দি মাটিৰ তলৰ পৰা সাপৰ পোৱালি কেইটা ওলাই হত্যা কৰাৰ লগতে সাপে আশ্ৰয় লৈ থকা গাঁতসমূহত পানীৰ সৈতে বিষ ঢালি দিয়ে। বন্যপ্রাণীক স্বয়ং বন বিভাগে মাৰি পেলাবলৈ দিয়া পৰামৰ্শত জাঙুৰ খাই উঠিছে প্ৰকৃতি প্ৰেমীসকল। কিন্তু অঘটন ঘটিল সন্ধিয়া কাৰণ বিষাক্ত সাপে দংশন কৰিলে ৰুস্তুম আলীক। বৰ্তমান দগাঁৱ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ৰুস্তম আলী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme