1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 17, 2025, 2:14 am

২০২৫-২৬ বাজেটখনত মধ্যবিত্তৰ বাবে কি কি? স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ বাবে সীতাৰণৰ বাজেটত আছে কি? থোৰতে জানক সীতাৰমণৰ ২০২৫-২৬ বাজেটখন

  • Update Time : Saturday, February 1, 2025

শনিবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে৷ এই বাজেটখনক লৈ দেশবাসী উৎকণ্ঠিত আছিল৷ এই বাজেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে৷ আহঁক জানো থোৰতে ২০২৫-২৬ বাজেট৷

🔹দেশত স্থাপন হ’ব ৩টা নতুন AI চেণ্টাৰ অৱ এক্সেলেঞ্চ

🔹বাজেটত AI চেণ্টাৰৰ বাবে ৫০০ কোটি টকা ধার্য

🔹কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ

🔹 সম্প্ৰসাৰণ কৰা হ’ব নতুন উড়ান আঁচনি

🔹১২০ টা নতুন স্থানক উড়ান আঁচনিৰে সংযুক্ত কৰা হ’ব

🔹১ লাখ কোটি টকাৰে গঠন কৰা হ’ব হ’ব আর্বান চেলেঞ্জ ফাণ্ড

🔹প্ৰযুক্তিৰ গৱেষণাৰ বাবে IIT-ত থাকিব ১০,০০০ ফেল’শ্বিপ

🔹২০২৮ চনলৈ বৃদ্ধি কৰা হ’ব জল জীৱন মিছনৰ ম্যাদ

🔹গ্ৰামীণ অঞ্চলত নিয়োগ বৃদ্ধিৰ কথা ঘোষণা কেন্দ্ৰীয় বাজেটত

🔹দেশৰ প্ৰতিটো পৰিয়ালক যোগান ধৰা হ’ব বিশুদ্ধ খোৱাপানী

দেশৰ স্বাস্থ্যখণ্ডৰ বাবে বাজেটত কি কি

🔹চৰকাৰী চিকিসালয়ত থাকিব কেন্সাৰ চিকিৎসা সেৱা
🔹দেশত আৰম্ভ হ’ব ২০০ টা ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ
🔹মেডিকেল কলেজত ১০ হাজাৰ নতুন আসন সৃষ্টিৰ পৰিকল্পনা
🔹হ্ৰাস হ’ব জীৱন দায়িনী ঔষধৰ দাম
🔹হ্ৰাস হ’ব কৰ্কট ৰোগৰ ৩৬ বিধ ঔষধৰ দাম
🔹হ্ৰাস হ’ব চিকিৎসা সামগ্ৰীৰ দাম

মধ্যবিত্তৰ বাবে বাজেটত কি কি?

🔹মধ্যবিত্তক লক্ষ্য কৰি সংশোধিত হ’ব আয়কৰ আইন

🔹মধ্যবিত্ত পৰিয়ালক ১২ লাখ টকালৈ আয়কৰ ৰেহাই

🔹বছৰি ১২ লাখ টকা উপাৰ্জন কৰা লোকে দিব নালাগে আয়কৰ

🔹মধ্যবিত্তক লক্ষ্য কৰি সংশোধিত হ’ব আয়কৰ আইন

🔹হ্ৰাস পাব ফ্ৰীজ, ম’বাইল ,LED, LCD টিভিৰ দাম

🔹হ্ৰাস পাব নিত্য-ব্যৱহাৰ্য্য কাপোৰৰ দাম

🔹হ্ৰাস হ’ব ম’বাইলৰ বেটেৰী, লিথিয়াম আয়ন বেটৰীৰ দাম

🔹দাম কমিব ইলেট্ৰণিক সামগ্ৰী আৰু চামৰাৰে নিৰ্মিত সামগ্ৰীৰ দাম

🔹 হ্ৰাস হ’ব ফ্ৰ’জেন মাছৰ দাম

🔹 চৰকাৰী বিদ্যালয়ত উপলব্ধ হ’ব ইণ্টাৰনেট সেৱা

🔹 বিদ্যালয়সমূহত ব্ৰডবেণ্ড সেৱা স্থাপন কৰা হ’ব

🔹বাজেটত ঘোষণা শিক্ষা খণ্ডত ‘ভাৰতীয় ভাষাৰ পাঠ্যপুথি প্ৰকল্প’

সোণ-ৰূপৰ দাম কমিল নে বাঢ়িল?

২০২৫ চনৰ বাজেটত সোণ-ৰূপৰ আমদানি শুল্ক সন্দৰ্ভত কোনো সালসলনি কৰা নাই বিত্তমন্ত্ৰীয়ে। ২০২৪ চনৰ বাজেটত সোণ আৰু ৰূপৰ ওপৰত ৬% আমদানি শুল্ক নিৰ্ধাৰণ কৰা হৈছিল। ২০২৪ চনৰ বাজেটত নিৰ্ধাৰণ কৰা সোণ-ৰূপৰ আমদানি শুল্কৰ সাল-সলনি কৰা নাই এইবাৰৰ বাজেটত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme