ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ স্মৰণীয় ফটোৰ তালিকাত প্ৰথম স্থান লাভ কৰা ছবিখন আমেৰিকাৰ। ফটোখন ৬ জানুৱাৰীৰ অৰ্থাৎ আমেৰিকাৰ নিৰ্বাচনৰ সময়ত তোলা ফটো। আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ ৰাজত্ব কাল শেষ হৈ এতিয়া জ’ বাইডেনে দেশকনৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তে এজন ডনাল্ড ট্ৰাম্প বিৰোধী প্ৰতিবাদকাৰীয়ে কেপিটল হিল ভৱনৰ পৰা ভাষণ দিয়া স্পীকাৰটোকে দাঙি লৈ যোৱাৰ দৃশ্য বন্দী হৈ ৰৈছিল এজন ফটোগ্ৰাফাৰৰ কেমেৰাত। আৰু এই ফটোখনে বিশ্বজুৰি চৰ্চা লাভ কৰে। এই ঘটনাটোক আমেৰিকাৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলি একাংশই ক’ব খোজে।
দ্বিতীয় স্মৰণীয় ছবিখনো আমেৰিকাৰে। ২০ জানুৱাৰীত আমেৰিকাৰ প্ৰথম মহিলা উপৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছে শপত গ্ৰহণ কৰিছিল। কমলা হেৰিছ প্ৰথমগৰাকী কৃষ্ণাঙ্গ আৰু দক্ষিণ এছিয়ান হৈ আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা মহিলা। ফটোখনত উপৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছক শপত বাক্য পাঠ কৰোৱাইছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ছোনিয়া চটোমেয়াৰে আৰু কমলাৰ কাষত ঠিয় হৈ আছিল তেওঁৰ স্বামী ডগলাছ মফ।
তৃতীয় ফটোখনো আমেৰিকাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তৰে। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত জয়লাভ কৰাৰ পিছতেই ৰাষ্ট্ৰপতি জ’ বাইডেনে উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে হাত মিলোৱাৰ এখন ছবি।
চতুৰ্থ ছবিখন ভাৰতবৰ্ষৰ। ২০২১ বৰ্ষৰ এপ্ৰিল-মে মাহত কৰ’না তৃতীয় ঢৌৱে দেশত সংহাৰীৰূপ ধাৰণ কৰিছিল। হেজাৰ হেজাৰ লোকে মৃত্যুবৰণ কৰিছিল। সেই সময়তে কৰ্ণাটকৰ এজন ব্যক্তি বিজয় ৰাজুৰো কৰ’নাত মৃত্যু হৈছিল। বিজয়ৰ মৃত্যুত তেওঁৰ পৰিয়ালে পিপিই কীট পৰিধান কৰি চিতাৰ জুইৰ কাষতে বহি কান্দি থকা ছবিখন খুব ভাইৰেল হৈছিল সমগ্ৰতে। এই ছবিখনে ২০২১ বৰ্ষৰ এখন ঐতিহাসিক ফটোৰ তালিকাত স্থান লাভ কৰিছে।
মে মাহত ৰমজানৰ অন্তিম দিনটোত পাকিস্তানৰ কৰাচীত এটা শিশুৱে পিতৃক বেলুন কিনিবলৈ খাটনি ধৰি থকাৰ সময়ৰ ফটোখনে বৰ্ষটোত পঞ্চম শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে।
ষষ্ঠ শ্ৰেষ্ঠ ফটোখন আমেৰিকাৰেই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ মিয়ামিৰ ওচৰৰ এটা ১২ মহলীয়া অট্টালিকা ভাঙি পৰিছিল। অট্টালিকাটো ভাঙি যোৱাত তাৰ ভিতৰত থকা ৯৮ জন লোক নিহত হৈছিল। ঘটনাটো ২৪ জুনত সংঘটিত হৈছিল। অট্টালিকাটোৰ ভাঙি পৰা দৃশ্য বন্দী হৈছিল কেমেৰাত আৰু সেই ছবিয়েই ষষ্ঠ শ্ৰেষ্ঠ ছবিৰূপে চিনাক্ত কৰা হৈছে।
ছবিখনত আফ্ৰিকাৰ এজন লোক অন্দ্ৰে বাৰমা। আন্দ্ৰেৰ কোলাত সাবটি ধৰি থকা অৱস্থাত এটা গেৰিলা। গেৰিলাটোক আন্দ্ৰেই ২০০৭ চনত গেৰিলাটোক অৰণ্যৰ পৰা উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰি ভিৰুঙ্গাৰ এখন অনাথ আশ্ৰমলৈ লৈ আনিছিল গেৰিলাটোক। গেৰিলাটোৱে নিজৰ গৰাকী জ্ঞান কৰে আন্দ্ৰেক। গেৰিলাটোৱে আন্দ্ৰেক সাবটি ধৰি থকা এই ফটোখনে বৰ্ষটোৰ শ্ৰেষ্ঠ সপ্তম ফটোৰ তালিকাত স্থান লাভ কৰিছে।
অষ্টম শ্ৰেষ্ঠ ছবিৰ তালিকাত স্থান লাভ কৰিছে আইচলেণ্ডৰ ৰাজধানী ৰেকজাভিকৰ কাষৰ ফাগ্ৰাডেলচফিয়েল আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য। ৮০০ বচৰৰ পিছত ২০২১ বৰ্ষৰ মাৰ্চ মাহত আগ্নেয়গীৰিটো পুনৰুজ্জীৱিত হৈছে। আগ্নেয়গীৰিটো উদগীৰণ হৈ ওলোৱা গলিত লাভাবোৰ বিয়পি যোৱাৰ দৃশ্যই শ্ৰেষ্ঠ স্মৰণীয় ছবিৰূপে পৰিগণিত হৈছে।