1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:54 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

২০২১-ত ফেশ্বনৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন… কোন ডিজাইনাৰ শীৰ্ষত এইবাৰ?

  • Update Time : Thursday, December 30, 2021

ডিজিটেল ডেস্কঃ ২০২০ বছৰটো ঘৰতেই পাৰ কৰিলে সকলোৱে। ফেশ্ব্যনৰ জগতখনলৈ নামি আহিছিল অন্ধকাৰ। কিয়নো ঘৰতে আবদ্ধ হৈ পৰাৰ বাবে পোছাক-পৰিচ্ছদৰ প্ৰতি গুৰুত্ব কমি আহিছিল দেশবাসীৰ। কিন্তু ২০২১ বৰ্ষত কিছু পৰিবৰ্তন আহিল। কভিডৰ দ্বিতীয় ঢৌ আহিল যদিও সকলো ৰাজ্যতে লকডাউন নহ’ল। বিয়া-বাৰুও ২০২০ বৰ্ষতকৈ বাঢ়িল। ফেশ্ব্যনৰ জগতখনলৈ অকণমান উশাহ যেন ঘূৰি আহিল। ডিজাইনাৰসকলেও কাম–কাজত নামি পৰিল। বিশেষভাৱে বহুকেইজন নতুন ডিজাইনাৰ এইবাৰ বিশেষভাৱে চৰ্চাত আছে।

প্ৰথমেই ডিজাইনাৰ সকলৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হৈছে সব্যসাচী মুখ্যাৰ্জী। সব্যসাচীয়ে কেৱল দেশৰ ভিতৰতেই নহয় নিউৱৰ্কৰো এটা বিখ্যাত ব্ৰেণ্ডৰ সৈতে কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে। ঐতিহাসিক বজাৰ বাৰ্গডৰ্ফ গোল্ডমেনত সবিয়াসাচীয়ে ডিজাইন কৰা পোছাক দেখিবলৈ পোৱা গৈছে। ১২২ বছৰ পুৰণি দোকানখন এতিয়াও নিউয়ৰ্ক আৰু সমগ্ৰ আমেৰিকাৰ ফেশ্বন জগতৰ এক অতি গুৰুত্বপূৰ্ণ নাম। কেৱল এয়াই নহয়, এই বছৰৰ মাজভাগতে সব্যসাচীৰ সৈতে একেলগে কাম কৰাৰ বাবে হাত মিলাইছে বিশ্ব বিখ্যাত ফেশ্বন ব্ৰেণ্ড এইচ এণ্ড এমেও।

ইফালে ফেশ্ব্যন শ্ব’ সমূহো এটা বছৰৰ বিৰতিৰ অন্তত ২০২১ বৰ্ষত পুনৰ হ’বলৈ আৰম্ভ কৰিলে। এইবাৰ এক বিশেষ এখন ফেশ্বন শ্ব’ৱে চৰ্চা লাভ কৰিলে বিশ্বজুৰি। এই বছৰৰ মাৰ্চ মাহত কাশ্মীৰত অনুষ্ঠিত ‘দ্য কাশ্মীৰ ফেশ্বন শ্ব’। শ্বেৰী কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰই আয়োজন কৰা এই অনুষ্ঠানটোৱে পৃথিৱীবাসীৰ দৃষ্টি কাঢ়িলে। সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এইখন শ্ব’ৱে কাশ্মীৰৰ প্ৰথমখন ফেশ্বন শ্ব’।

ফেশ্বন জগতত পুৰণা ডিজাইনসমূহেই পুনৰ ঘূৰি আহিছে। সমগ্ৰ পৃথিৱীৰ ফেশ্বন জগততেই পুৰণিক সন্মান জনোৱাৰ পৰম্পৰা আৰম্ভ হৈছে। এটা বিশ্ববিখ্যাত ব্ৰেণ্ড ‘গুচি’। ‘গুচি’ ফেশ্বন জগতৰ অন্যতম আগশাৰীৰ নাম। ‘গুচি’য়ে ইটালীৰ ফ্লৰেন্সতো বিপনী আৰম্ভ কৰিছে। এশ বছৰ পুৰণি ব্ৰেণ্ড ‘গুচি’য়ে সমগ্ৰ বিশ্বত প্ৰায় ৫০০ টা বিপনী নিৰ্মাণ কৰিছে। মুখ্যতঃ চামৰাৰ জোতা, বেল্ট, মোনা, ঘৰৰ সা-সজ্জাৰ পৰা সুগন্ধিলৈকে, ‘গুচি’ সকলো ক্ষেত্ৰতে বিলাসিতাৰ অন্য এক নাম হৈ পৰিছে।

আন এটা বিশ্ব বিখ্যাত ব্ৰেণ্ডে ২০২১ বৰ্ষত ২০০ বছৰ অতিক্ৰম কৰিছে। ‘লুই ভিটন’ নামৰ ব্ৰেণ্ডটোৱে পোছাক ডিজাইনৰ লগতে বিশেষভাৱে বেগ ডিজাইন কৰাতো গুৰুত্ব দিয়া দেখা গৈছে। ২০২১ বৰ্ষত জনসাধাৰণে আদৰি লোৱা এটা ব্ৰেণ্ড হৈ পৰিছে ‘লুই ভিটন’।

ইফালে ২০২১ বৰ্ষটোত ফেশ্বনৰ দিশত আটাইতকৈ বেছি চৰ্চা লাভ কৰিছিল মাস্কেও। সংক্ৰমণ হাৰ নিয়ন্ত্ৰণলৈ আনিবলৈ কিছু সক্ষম হৈছে যদিও মাস্ক অভ্যাসত পৰিণত হৈছে প্ৰায়সংখ্যকৰে। ইফালে ভেকচিনৰ ক্ষেত্ৰতো বহুতেই ভেকচিন ল’বলৈ সুবিধাৰ বাবে ঢিলা কাপোৰ পৰিধান কৰিছিল সেই ঢিলা কাপোৰ পৰিধান কৰাটোও এি বৰ্ষৰ এক বিশেষ ডিজাইন হৈ পৰিল। বজাৰতো ঢিলা কাপোৰৰ চাহিদা সৰ্বাধিক হ’বলৈ ধৰিলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme