1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:32 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

১ টকাতে ঘৰ পাব… ভাৰতৰ ক’ত এই আচনিৰ সুবিধা?

  • Update Time : Friday, December 3, 2021

ডিজিটেল ডেস্কঃ মাত্ৰ এক টকাতে পাব ঘৰ। উত্তৰ প্ৰদেশ চৰকাৰে ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে দিছে উপহাৰ। যোগী চৰকাৰে নতুন আঁচনিৰ অধীনত লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু উকীলক ৰাজসাহায্যৰ ওপৰত প্ৰদান কৰিব এই ঘৰ। সেয়াও মাত্ৰ এক টকাতে।

আঁচনিখনৰ খচৰা উচ্চ কৰ্তৃপক্ষৰ এখন বৈঠকত প্ৰস্তুত কৰা হৈছে। সৰ্বোচ্চ স্তৰৰ পৰা অনুমোদন পোৱাৰ পিছত কেবিনেটে প্ৰস্তাৱটো গৃহীত কৰিব। কেবিনেটৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হোৱাৰ পিছতহে আঁচনিখনৰ লাভালাভ উপলব্ধ হ’ব। এতিয়ালৈকে, ৰাজ্যখনত গ্ৰুপ চি আৰু ডি কৰ্মচাৰীসকলক ৰেহাইত ঘৰ প্ৰদান কৰাৰ কোনো ব্যৱস্থা নাই। ফলস্বৰূপে, উচ্চ উপাৰ্জন নথকা গ্ৰুপ-চি, গ্ৰুপ-ডি কৰ্মী আৰু উকীলসকলে ঘৰ ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

এই নতুন আঁচনিয়ে কৰ্মচাৰীসকলক যথেষ্ট সকাহ দিব যদিও ৰেহাইত ঘৰ লোৱা সকলৰ বাবে আছে বিশেষ কিছু চৰ্তাৱলী। চৰ্ত অনুসৰি লাভ কৰা ঘৰটো ১০ বছৰৰ বাবে বিক্ৰী কৰিব নোৱাৰিব। ১ টকাত ঘৰ দিয়াৰ প্ৰক্ৰিয়া কি হ’ব আৰু কেনেদৰে কৰা হ’ব তাৰ প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে সমাপ্ক হৈছে। অৱশ্যে একাংশই এই আচঁনিক নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাদে আন একো নহয় বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme