অৱসৰ ঘোষণা কৰিলে সুনীল চেত্ৰীয়ে। অহা ৬ জুনত যুৱ ভাৰতী ষ্টেডিয়ামত কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপৰ যোগ্যতা অর্জন পৰ্বৰ মেচ খেলিব ভাৰতে। দেশৰ জাৰ্ছিত সেইখন মেচেই হ’ব তাৰকা ফুটবলাৰগৰাকীৰ অন্তিমখন মেচ। সামাজিক মাধ্যমত এটি ভিডিঅ’ বার্তাযোগে এই কথা সদৰী কৰে সুনীলে। সুনিলে কয়- ‘জাতীয় দলৰ হৈ প্ৰথম দিনা জাৰ্ছি পৰিধান কৰাৰ কথা সদায় মনত থাকিব। অবিশ্বাস্য অনুভূতি। সেই সময়ৰ জাতীয় দলৰ প্ৰশিক্ষক সুখবিন্দৰ সিঙে মোক প্রথম একাদশত থকাৰ কথা কৈছিল। দেশৰ জাৰ্ছি পৰিধান কৰি প্ৰথমবাৰলৈ খেলপথাৰত নমা আৰু অভিষেক মেচতে গ’ল কৰাৰ মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰিম। বিগত উনৈশ বছৰে অসহ্য চাপ আৰু দেশৰ হৈ খেলাৰ আনন্দ সকলো সময়তে মোৰ সৈতে আছিল। ভাৰতৰ হৈ ইমান খেলিব পাৰিম বুলি মই কেতিয়াও ভবা নাছিলো।’ উল্লেখযোগ্য যে ২০০৫ চনৰ ১২ জুনত জাতীয় দলৰ জাৰ্ছিত পাকিস্তানৰ বিৰুদ্ধে প্রথমখন মেচ খেলিছিল সুনীলে। সেইখন মেচতে গ’ল কৰি দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল সুনিল। অৱশ্যে সুনীলৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা হৈছে ২০০৭ চনৰ নেহৰু কাপ। প্রথমখন মেচত সুনীলৰ চমকপ্ৰদ দুটা গ’লেৰে কম্বোডিয়াক ৬-০ গ’লত পৰাস্ত কৰিছিল ভাৰতীয় ফুটবল দলটোৱে। পৰৱৰ্তী মেচত ছিৰিয়া আৰু কির্গিস্তানৰ বিৰুদ্ধেও গ’ল কৰিবলৈ সক্ষম হৈছিল সুনিল । সেয়াই আৰম্ভণি। তাৰ পিচত ক্রমশঃ ভাৰতৰ শীর্ষস্থানীয় স্ট্রাইকাৰ হৈ উঠিছিল সুনীল। বাইচুং ভুটীয়াৰ অৱসৰৰ পিচত সুনীলেই ভাৰতৰ প্ৰধান ফুটবলাৰ হৈ উঠে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ঈর্ষণীয় সাফল্য অর্জন কৰা সুনীল সক্ৰিয় ফুটবলাৰসকলৰ ভিতৰত ক্রিস্টিয়ানো ৰ’নাল্ডো আৰু লিঅ’নেল মেছিতকৈও দেশৰ জাৰ্ছিত সফল। ভাৰতৰ হৈ ১৫০ খন মেচত ৯৪ টা গ’ল কৰিবলৈ সক্ষম হোৱা সুনীলে ISL-ত দুটাকৈ হেটট্রিক অর্জন কৰি অনন্য কৃতিত্বৰ গৰাকী হৈছিল।