‘Swiggy’এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। এজন গ্ৰাহকক অৰ্ডাৰ ডেলিভাৰী নিদিয়াৰ বাবে আদালতে ‘Swiggy’ৰ বিৰুদ্ধে ৫০০০ টকা জৰিমনা বিহিছে। গ্ৰাহকজনে ‘Swiggy’এপৰ পৰা আইচক্ৰীম অৰ্ডাৰ কৰিছিল, যাৰ মূল্য আছিল ১৮৭ টকা। ডেলিভাৰী এজেণ্টে আইচক্ৰীমৰ দোকানৰ পৰা অৰ্ডাৰটো তুলি লৈছিল যদিও ডেলিভাৰী নিদিলে, যদিও এপত নিশ্চিত কৰা ধৰণে আইচক্ৰীমৰ ডেলিভাৰী দেখুওৱা হৈছিল। যেতিয়া গ্ৰাহকে ‘Swiggy’ৰ ওচৰত অভিযোগ কৰিছিল, তেতিয়া ‘Swiggy’অৰ্ডাৰৰ ৰিফাণ্ড নকৰাৰ লগতে অৰ্ডাৰ ৰিপ্লেছো কৰা নাছিল।