1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:57 am

১১৪ বছৰ বয়সত মৃত্যু সাৱটিলে ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰে

  • Update Time : Wednesday, April 3, 2024

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিগৰাকীয়ে। ১১৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰে। শেহতীয়াকৈ ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে ২০২২ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল এইগৰাকী ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰে। জানিব পৰা মতে মঙলবাৰে ১১৪ বছৰ বয়সত মৃত্যু হয় এইগৰাকী ব্যক্তিৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সদৰী কৰে যে জুয়ান ভিচেণ্টে পেৰেজ মোৰাই ১১৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে। গিনিজৰ তথ্য অনুসৰি ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰেজৰ বয়স ১১২ বছৰ আৰু ২৫৩ দিন আছিল আৰু আনুষ্ঠানিকভাৱে তেওঁক জীৱিত থকা আটাইতকৈ বয়সীয়াল ব্যক্তি ৰূপে নিশ্চিত কৰা হৈছিল। ১৯০৯ চনৰ ২৭ মে’ত এণ্ডিয়ান ৰাজ্যৰ টাচিৰাৰ এল কোব্ৰে চহৰত জন্মগ্ৰহণ কৰা টিঅ’ ভিচেণ্টে নামেৰ পৰিচিত কৃষকগৰাকীৰ ১০টি সন্তানৰ ভিতৰত নৱমতম সন্তান আছিল জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme