ডিজিটেল ডেস্কঃ বিধায়কসকলৰ সুবিধা হোৱাকৈ এইবাৰ বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ৷ অসম বিধান সভাৰ চৌহদতে নিৰ্মাণ হ’ব ১০ মহলীয়া অত্যাধুনিক অট্টালিকা৷ অট্টালিকাত থাকিব হেলিপেডৰো ব্যৱস্থা৷ থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন অধ্যক্ষৰ বাবে আছুতীয়া আবাসগৃহৰ ব্যৱস্থা৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই ভৱনৰ আধাৰ শিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
বিধায়ক আৱাসৰ লগতে ব্যয়বহুল অট্টালিকাটোত থাকিব সাংসদ আৱাসৰ সুবিধাও৷ বশিষ্ঠৰ পৰিৱৰ্তে অসম বিধান সভা চৌহদত নিৰ্মাণ হ’ব অত্যাধুনিক অট্টালিকা দুটা৷ মুঠ ৫৯.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া অট্টালিকাত ৪২ গৰাকী বিধায়কে লাভ কৰিব আৱাসৰ সুবিধা৷
উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বিধায়কসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে মুকলি কৰে MLA-ক্লাব আৰু ডিজিটেল পুথিভঁৰালো৷ MLA-ক্লাৱত থাকিব শৰীৰ চৰ্চাৰ লগতে মুকলিভাৱে বহিব পৰা ব্যৱস্থা৷ MLA-ক্লাব মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ভাগ লয় শৰীৰ চৰ্চাতো৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিধায়কসকলৰ বাবে মুকলি কৰে ডিজিটেল পুথিভঁৰালো৷