1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:31 am

হেলিকপ্টাৰ দুৰ্ঘটনা, সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাট আৰু নাই…

  • Update Time : Wednesday, December 8, 2021

ডিজিটেল ডেস্কঃ সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃত্যু। তামিলনাডু কান্নুৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু সেনাপ্ৰধানজনৰ। ভাৰতীয় বায়ুসেনাই টুইটযোগে ঘোষণা কৰিছে সেনাপ্ৰধানজনৰ মৃত্যুৰ খবৰ।
হেলিকপ্টাৰখনত মুঠ ১৪ গৰাকী আৰোহী আছিল তাৰে ১৩ জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে ভাৰতীয় বায়ুসেনাই।

ভাৰতীয় বায়ু সেনাৰ ঘোষণা মতে দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন এমআই-১৭ ভি৫ হেলিকপ্টাৰ আছিল। ৰাছিয়াত নিৰ্মিত এইখন হেলিকপ্টাৰ ২০১৩ চনৰ পৰাই ব্যৱহাক কৰি আহিছে ভাৰতীয় বায়ুসেনাই। অত্যাধুনিক এই হেলিকপ্টাৰখন কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল সেই কথা বৰ্তমানো স্পষ্ট হোৱা নাই।

উল্লেখ্য যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো ইতিমধ্যে বিপিন ৰাৱাটৰ ঘৰত উপস্থিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme