1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 10:06 am

হাহাকাৰ লগাই দিছে অসম নন্দিনীয়ে! কোন হয় অৰ্চিতা? সকলোকে লাগে কেৱল লিংক….

  • Update Time : Thursday, July 3, 2025

CTA DESK, গুৱাহাটী ৩ জুলাইঃ এইকেইদিন সামাজিক মাধ্যমত বাৰুকৈয়ে চৰ্চিত হৈছে অৰ্চিতা ফুকন নামৰ এগৰাকী অসমীয়া জীয়ৰিৰ। খবৰ অনুসৰি আমেৰিকান নীলা ছবি জগতত প্ৰৱেশ কৰিছে অসম নন্দিনী অৰ্চিতাই। আমেৰিকান নীলা ছবিৰ অভিনেত্ৰী কেন্দ্ৰ লাষ্টৰ পৰা প্ৰশিক্ষণ লৈ আছে অৰ্চিতাই। ইনষ্টাগ্ৰামত এই চিনাকি পৰ্ব ৰাজহুৱা কৰিছে অৰ্চিতাই। ইনষ্টাগ্ৰামত অৰ্চিতাই এই তথ্য সদৰি কৰাৰ লগে লগে অসমমূলীয় নেট জগতত খলকনিৰ সৃষ্টি কৰিছে অৰ্চিতা ফুকনে। একাংশৰ মতে, ‘‘এনেধৰণৰ কামৰ প্ৰচাৰ হ’ব নালাগে’’, একাংশৰ মতে ”নিজৰ জীৱন, নিজৰ ইচ্ছা, ইমান মূৰ ঘমাবলগীয়া কি আছে?” পিছে সামাজিক মাধ্যমত এনে হৈ চৈৰ মাজতেই, চৰ্চা চলিছে আন এক চিন্তনীয় বিষয়ৰ ওপৰত৷ সেয়া হৈছে৷

এনেদৰে বিখ্যাত হৈ লাভ আছে জানো?

অৱশ্যে এই চৰ্চা অমূলক নহয়৷ বিখ্যাত হোৱাৰ আজিকালি ঢেৰ উপায় আছে৷ একাংশই বিখ্যাত হয় পথতেই মাতাল হৈ ৰীলছ কৰি, একাংশই ৰীলছত নিজৰ পেট, বাউসী, অৰ্ধ উলংগ দেহা দেখুৱাই কেইটামান দিনৰ বাবে হ’লেও বিখ্যাত হৈ পৰে৷ কিছুমানে আকৌ বছৰ বছৰ ধৰি নিজৰ পেশাৰ সৈতে লাগিয়ো বিখ্যাত হ’ব পৰা নাই৷ ক’বলৈ গ’লে বিখ্যাত হ’বলৈ দুই প্ৰকাৰৰ পন্থা আছে, ইয়াৰে এটা পন্থা হ’ল সৎ পথ আৰু আনটো অসৎ পথ৷ হয়তো অৰ্চিতাই অসৎ পথেই অৱলম্বন কৰিছে৷ কিন্তু লক্ষণীয় বিষয়টো হ’ল, অৰ্চিতাৰ ইনষ্টাগ্ৰামত থকা ফলোৱাৰ্চৰসমূহৰ মাজত বহু কেইগৰাকী জাত্যাভিমানী অসমীয়া আছে৷ যিসকলে এগৰাকী অসমীয়া যুৱতীৰ এনে কাণ্ডক মুকলিকৈ বিৰোধিতা কৰে, কিন্তু মনে মনে অৰ্চিতাৰ দেহৰ জোখ মাখ লৈ মানসিক তৃপ্তি লাভ কৰে মনে মনে৷ কিন্তু ইয়াৰ মাজতেই প্ৰশ্ন হৈছে

কোন হয় অৰ্চিতা ফুকন

তথ্য অনুসৰি, ১৯৯৫ চনত জন্ম হোৱা যুৱতীগৰাকীয়ে অধ্যয়ন কৰিছিল ডিব্ৰুগড়ত৷ লিটিল ফ্লাৱাৰ স্কুল, ছল্ট ব্ৰুক একাডেমি আদিতো অধ্যয়ন কৰিছিল৷ উচ্চ শিক্ষাৰ বাবে ২০১৩ত দিল্লীলৈ যোৱাৰ পাছতেই আকাশ চুবৰ মন গ’ল অৰ্চিতাৰ আৰু তাৰপিছতেই আমেৰিকান নীলা ছবিত প্ৰৱেশ অৰ্চিতাৰ৷ লগে লগে অসমৰ নেটিজেনসকলৰ মাজত লাগি গ’ল হুলস্থুল৷ চৰ্চা আৰম্ভ হ’ল অৰ্চিতাক লৈ৷ বহুতে খুচৰিলে অৰ্চিতাৰ ইনষ্টাগ্ৰাম একাউণ্ট, বহুতে খুচৰিলে নিষিদ্ধ নীলা ছবিৰ ৱেবচাইট বোৰ৷ কৰবাত কিজানি দেখাই পাই অসমীয়া যুৱতীৰ ৰতিক্ৰিয়া৷ মুঠতে কাপোৰৰ তলত সকলো নাঙঠ৷ কোনোবাই মুকলিকৈ নাঙঠ হৈছে কোনোবাই মনে মনে৷ কিন্তু সকলো এতিয়া অৰ্চিতাৰ লিংকৰ আশাত৷

অৰ্চিতা ফুকন

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme