পেৰিছ পেৰালিম্পিক ২০২৪ৰ প্ৰথম দিনাই বিশ্ব অভিলেখ গঢ়িলে প্ৰতিযোগিতাৰ সৰ্বকনিষ্ঠ ভাৰতীয় এথলীট শীতল দেৱীয়ে। বৰ্তমান বিশ্বৰ দুয়োখন হাতহীন একমাত্ৰ আৰ্চাৰ শীতল দেৱী। ভৰিৰে পেৰালিম্পিকৰ কোৱালিফাই ৰাউণ্ডত ৭২০ৰ ভিতৰত ৭০৩ পইণ্ট অৰ্জনেৰে অভিলেখ গঢ়ে শীতলে।
দ্বিতীয় হিচাপে অন্তিম ১৬ত প্ৰৱেশ কৰে শীতলে। মহিলাৰ কম্পাউণ্ড অপেন ৰেংকিং ৰাউণ্ডত বহু সময় ধৰি আগুৱাই আছিল শীতল দেৱী। পেৰালিম্পিকত ভাৰতৰ পদক জয়ৰ অন্যতম দাবীদাৰ তেওঁ। পেৰিছৰ লে ইনভালদিছ এৰেনাত তুৰস্কৰ ওজনুৰ কিউৰৰ সৈতে প্ৰতিযোগিতাত নামে ভাৰতী আৰ্চাৰগৰাকী। মহিলাৰ কম্পাউণ্ড অপেন ৰেংকিং ৰাউণ্ডত বহু সময় ধৰি আগুৱাই আছিল শীতল দেৱী। ১৭ বছৰীয়া ভাৰতীয় এথলীটগৰাকীতকৈ শেষত ১ পইণ্ট বেছি স্ক’ৰ কৰি শীৰ্ষস্থান লাভ কৰে ওজনুৰে।