1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:21 am

হাতত গীটাৰ লৈ মঞ্চলৈ আৰু কাহানিও নাহে ফৰিদ

  • Update Time : Thursday, August 29, 2024

মৰাণত হত্যাৰ বলি প্রবীণ গীটাৰিষ্ট। মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল অসমীয়া সংগীত জগতৰ প্ৰবীণ বাদ্যযন্ত্ৰী ফৰিদ ওৰফে জিয়াউৰ ৰহমান। মৰাণ নতুন নগৰৰ প্ৰহ্লাদ দাসে মৰিয়াই মৰিয়াই হত্যা কৰে শিল্পীগৰাকীক। খবৰ অনুসৰি, দেওবাৰে নিশা প্ৰহ্লাদ দাসৰ নেতৃত্বত আক্ৰমণ চলিছিল শিল্পীগৰাকীৰ ওপৰত। নতুন নগৰৰ প্ৰহ্লাদ দাসৰ নেতৃত্বত দুৰ্বৃত্তৰ দলে এই আক্ৰমণ চলাইছিল৷ দেওবাৰে নিশা প্ৰায় ৮ বজাত এখন দোকানৰ পৰা সামগ্ৰী কিনিছিল ফৰিদে৷ সামগ্ৰী লৈ নিজ ঘৰলৈ গৈ থকা অৱস্থাতেই দুৰ্বৃত্তৰ দলটোই আগভেটি ধৰিছিল ফৰিদক৷ ফৰিদে তেওঁলোকক আঁতৰি যাবলৈ যোৱাত পৰিস্থিতিয়ে কাজিয়াৰ ৰূপ ধৰে৷ ইয়াৰ পিচতেই যুৱকৰ দলটোৱে বেয়াকৈ প্ৰহাৰ কৰে বাদ্যযন্ত্ৰী শিল্পী ফৰিদ ওৰফে জিয়াউৰ ৰহমানক৷ সোমবাৰৰ পৰা চিকিৎসাধীন হৈ আছিল ফৰিদ ওৰফে জিয়াউৰ ৰহমান। ফৰিদৰ স্বাস্থ্যৰ আটাইসমূহ খৰছ বহন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতেই গোচৰ প্ৰত্যহাৰ কৰি এজাহাৰ উঠাই লৈছিল ফৰিদ ওৰফে জিয়াউৰ ৰহমানে৷ কিন্তু সোমবাৰৰ পৰা চিকিৎসাধীন হৈ থকা ফৰিদ ওৰফে জিয়াউৰ ৰহমানৰ মাত্ৰ ৪ টা দিনতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু বুধবাৰে মৃত্যুক আঁকোৱালি লৈ ফৰিদে৷ এগৰাকী প্ৰবীণ শিল্পীৰ এনে কৰুণ মৃত্যুক লৈ অসমৰ শিল্পীসমাজে যেন ভাবিবলৈ বাধ্য হৈছে৷ অসমত এনেকৈয়ো মৰে শিল্পী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme