হাহিঁবলৈ জানো মানুহক কাৰণ লাগে? নালাগে নহয় জানো, হাহিঁবলৈ মানুহক মাত্ৰ এটা সুন্দৰ মনৰ প্ৰয়োজন। এই যে প্ৰতিটো কামৰ বাবে প্ৰতিটো সময়ৰ বাবেই আমি সুখী হোৱাৰ কাৰণ বিচাৰি ফুৰোঁ, তাৰ সলনি আমি নিজেই নিজৰ মাজত
আপোনভাৱে সুখী হবলৈ চেষ্টা নকৰো কিয়? হাহিঁ আমাৰ স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ। উন্নত স্বাস্থ্য, সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু সুন্দৰ অনুভৱ প্ৰকাশৰ বাবে গুৰুত্বপূৰ্ণ উপায় হাহিঁ।
* হাহিঁ থাকিলে আমি সুখী হ’ব পাৰো। এই যে আমি দৌৰ মাৰোঁ, দৌৰ মৰাৰ সময়ত হাহিঁলে ই আপোনাক দক্ষ কৰি তুলিব, দৌৰত আধিক নিয়ন্ত্ৰণযোগ্য অনুভৱ কৰিব পাৰিব।
* আপুনি যেতিয়া এক উত্তেজনাপূৰ্ণ পৰিস্থিতিত হাহিঁব তেতিয়া আপোনাৰ শৰীৰৰ প্ৰকৃত আৰু শাৰীৰিক সঁহাৰি থাকে। আপেনাৰ হৃদস্পন্দনৰ হাৰ হ্ৰাস হয় আৰু আপোনাৰ ষ্ট্ৰেচ কমিবলৈ আৰম্ভ কৰে।
* ৱাৰ্টন স্কুল অৱ বিজনেচৰ মতে, কৰ্মস্থানত হাহিঁলে ই আপোনাক অধিক বিশ্বাসযোগ্য আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক গভীৰ কৰিব পাৰে।
* আমেৰিকান সকলে ইমান হাহিঁ থকাৰ কাৰণ কি জানেনে? এগৰাকী লেখিকা ওলগা খাজানে দ্য আটলান্টিকত লিখে, দেখা পোৱা গৈছে যে প্ৰচূৰ প্ৰব্ৰজন থকা দেশবোৰে ঐতিহাসিকভাৱে অমৌখিক যোগাযোগৰ ওপৰত অধিক নিৰ্ভৰ কৰে।
সেয়ে আমেৰিকাৰ লোকসকলে অধিক হাহিঁব পাৰে।
* হাহিঁ থাকিব পাৰিলে আপোনাক কোনো ব্যক্তিয়ে কষ্ট দিয়াৰ কথা নাভাবে। হাহিঁৰে বহু পৰিস্থিতিত আপুনি সাহসেৰে আগুৱাই যাব পাৰিব।