ডিজিটেল ডেস্কঃ এটা গীতৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে এগৰাকী ব্যক্তি৷ কাঁচা বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এইগৰাকী ব্যক্তি হৈছে ভূৱন বাদ্যকৰ৷ তেওঁ বাদাম বিক্ৰী কৰাৰ সময়ত এটা স্ব-ৰচিত গীত “বাদাম বাদাম দাদা কাঁচা বাদাম” পৰিৱেশন কৰিছিল৷ যি গীতৰ জৰিয়তে এতিয়া ভাগ্য সলনি হৈছে ভূৱন বাদ্যকৰৰ৷ আপুনি চেলিব্ৰেটী হওঁক বা নহওঁক, শিশুৰ পৰা বৃদ্ধৰ মাজত বিশেষ ভাৱে সমাদৰ লাভ কৰিছিল ভুৱন বাদ্যকৰৰ এই গীতটিয়ে। গীতটিৰ তালে-তালে নাচি ছ’চিয়েল মিডিয়াত ৰিল বা ইনষ্টা ভিডিঅ’ বনায়ো বহু লোক ভাইৰেল হৈ পৰিছিল। আনহাতে, বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীয়েও এই গীতটিৰ তালে-তালে নাচিছিল।
শেহতীয়াকৈ মৃৎ শিল্পী পৰিমল পালে ভূৱন বাদ্যকৰৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰে৷ এই মূৰ্তিটো কুমাৰটুলিৰ কাষৰ স্বধিন সংঘৰ পথাৰত সাজি উলিয়ায়। মূৰ্তিটো নিৰ্মাণ হোৱাৰ পিছতে উক্ত স্থানত সমাগম হয় বহু লোকৰ। পৰিমল পালে জনোৱা অনুসৰি “বাদাম বাদাম” গীতৰ জৰিয়তে ভূৱন বাদ্যকৰে বঙালী সম্পদায়ক সমগ্ৰ বিশ্বতে চিনাকী কৰাই দিছে৷ যাৰ বাবে তেওঁ মূৰ্তি বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ যদি আপুনি ভুৱন বাদ্যকৰৰ প্ৰতিমূৰ্তি চাব বিচাৰে, তেন্তে কুমাৰটুলীৰ ঢকেশ্বৰী মন্দিৰৰ স্বধিন সংঘলৈ যাব লাগিব। কাৰণ, দোলপূৰ্ণিমা উপলক্ষে গোপাল পূজাত তেওঁৰ প্ৰতিমূৰ্তি সাজি উলিওৱা হৈছে। এই মূৰ্তিটো মাত্ৰ ৫ দিনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। মূৰ্তিটো সংৰক্ষণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিমল পালে।