1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:53 am

সৰু পৰ্দাৰ অভিনেত্ৰী দলজীত কৌৰৰ বৈবাহিক জীৱনত ফাঁট!

  • Update Time : Saturday, May 25, 2024

সৰু পৰ্দাৰ অভিনেত্ৰী দলজীত কৌৰে বিগত বৰ্ষত কেনিয়াৰ ব্যৱসায়ী নিখিল পেটেলৰ সৈতে দ্বিতীয় বিবাহ পাশত অৱদ্ধ হৈছিল৷ কিন্তু বিবাহৰ ১০ মাহৰ পিছতেই অভিনেত্ৰী গৰাকীৰ বিবাহিত জীৱনত আৰম্ভ
হয় সংঘাত, কিছুদিনৰ পূৰ্বে অভিনেত্ৰী গৰাকী নিজ দেশলৈ উভটি আহে৷ ইফালে দ্বিতীয় স্বামীৰ সৈতে বিবাদৰ উৰাবাতৰি বিয়পি পৰিছিল সকলোতে৷ অৱশেষত নিজৰ মৌনতা ভংগ কৰি নিখিল পেটেলৰ সৈতে
বিবাহ বিচ্ছেদৰ খবৰ দিলে অভিনেত্ৰী গৰাকীয়ে৷ শণিবাৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নিখিলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ দলজীত কৌৰে এটা টোকা লিখি নিখিলক নিৰ্লজ্জ আৰু সমগ্ৰ পৰিয়ালটোক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে৷ দলজীতে নিখিলৰ ইনষ্টাগ্ৰাম ষ্টৰী শ্বেয়াৰ কৰে য’ত লিখা আছিল, ‘SN, আৰু কেপচন দিছিল এনেদৰে YOU MAKE ME BETTER’৷ বৰ্তমানৰলৈকে SN মানে কি বুজা নাই যদিও সন্দেহ কৰা মতে সেয়া কাৰোবাৰ নামৰ প্ৰাৰম্ভিক আখৰ৷ দলজীত কৌৰে ছ’চিয়েল মিডিয়াত লিখিছে, ‘অন্তত: আপুনি ৰাজহুৱা স্থানত আপোনাৰ পত্নীক কিছু সন্মান দিব লাগিছিল কাৰণ মই আন বহু কথাত মৌন আছিলো’৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme