জীৱনটোত এগৰাকী প্ৰকৃত বন্ধুৰ গুৰুত্ব কি, সেয়া হয়তো শব্দৰে প্ৰকাশ কৰা সম্ভৱ নহয়। বুজা-নুবুজা বয়সৰ পৰা বৃদ্ধ বয়সলৈ সকলোয়েই বন্ধুত্বৰ এনাজৰীৰে সমৃদ্ধ হৈ থাকে। বন্ধুত্ব সকলোৰে লগত হ’ব পাৰে, কিন্তু প্ৰকৃত্ব বন্ধুৰ সম্পৰ্ক এটা গঢ়ি তোলোতো বা লাভ কৰাটো খুবেই কঠিন। সেয়েহে সৰুতেই শিশুসকলক বন্ধুত্ব সম্পৰ্কে অভিভাৱকসকলে এটা ধাৰণা দিব লাগে যাতে বন্ধুত্ব সম্পৰ্ক গঢ়ি তোলাত কোনো সমস্যাৰ সম্মুখীন নহয় বা বন্ধু বাচনি কৰাত সুবিধা হয়৷
১. শিশুক কথা কবলৈ শিকাওঁক- অভিভাৱকসকলে তেওঁলোকৰ সন্তানক সৰুৰে পৰাই বন্ধুত্বৰ অৰ্থ আৰু বন্ধুৰ সৈতে সঠিকভাৱে কথা পাতিবলৈ শিকাব লাগে। যদি আপোনাৰ সন্তানে সহপাঠীৰ সৈতে বন্ধুত্ব কৰিব বিচাৰে, তেন্তে দৈনিক ভালকৈ কথা পাতিবলৈ শিকাব। ভালদৰে কথা বতৰা পাতিলে বন্ধুত্বৰ সম্পৰ্ক সদায় ভালদৰে থাকে৷
২. সন্মান কৰিবলৈ শিকাওক- আপোনাৰ সন্তানক শিকাওঁক যে তেওঁলোকে যাতে বন্ধুবৰ্গক সন্মান কৰে। পিতৃ-মাতৃয়েই হৈছে শিশুৰ প্ৰথম গুৰু, সেয়েহে তেওঁলোকক আনক সন্মান কৰিবলৈ শিকাওঁক। সৰুৱে হওক বা ডাঙৰে প্ৰত্যেকগৰাকীকে সন্মান কৰিবলৈ শিকোৱাতো প্ৰতিগৰাকী মাক দেউতাকৰ দায়িত্ব৷
৩. আনক সহায় কৰিবলৈ শিকাওক- সন্তানক সৰুৰে পৰা শিকাওক যাতে তেওঁলোকে আনক সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ বিপদত পৰা লোকসকলক সদায় সহায় কৰিবলৈ শিকাব৷
৪. সততা- আপোনাৰ সন্তানক শিকাব যে, যিকোনো সম্পৰ্কৰ বাবে সততা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। যদি সম্পৰ্কত সততা থাকে, তেন্তে সেই সম্পৰ্ক সদায় ভালদৰে থাকিব৷