1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:39 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

  • Update Time : Tuesday, October 29, 2024

আমলখি এবিধ ঔষধি গুণসম্পন্ন ফল। আমলখি ভিটামিন C সমৃদ্ধ৷ ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে৷ আমলখিৰ ঠাৰিডালৰ দুয়োফালে সৰু সৰু পাতবোৰ ঘনাই থাকে৷ বাৰিষাকালত আমলখি গছত ফুল আৰু ফল ধৰে৷ ফলবোৰ খৰালিকালতে পূৰঠ হয়৷ একজোপা গছতে পুংকেশৰ আৰু স্ত্ৰীফুল ফুলে৷ একজোপা গছত বহুতো ফল পোৱা যায়৷ ফলবোৰ গোলাকাৰ খাবলৈ টেঙা আৰু অলপ কেহা হয়৷ টেঙা জাতীয় আমলখিবোৰ প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে৷ ই আমাৰ শৰীৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে৷ এটা ভাল আমলখিয়ে এটা কুকুৰা কণী বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে৷ আমলখিয়ে শক্তি, মেধা আৰু স্বাস্থ্যবৰ্ধক৷ আমলখিৰ বীজত ফছফেটাইড পোৱা যায়৷ কেচাঁ আমলখি শীতলকাৰক,শক্তিকাৰক,চৰ্মৰোগনাশক আৰু মূত্ৰকাৰক ,জুলাপ, পেটৰ বিষ, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী৷
বিভিন্ন ৰোগ আৰোগ্যত আমলখিৰ ব্যৱহাৰ তলত দিয়া হল-

১) মূৰ কামৰণিত: আমলখিৰ ৰখ বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মূৰৰ কামৰণি ভাল হয়৷

২) চুলি সৰা: কেইটামান আমলখি থেতেলিয়া এৰাতি মূৰত বান্ধি থলে চুলি সৰা বন্ধ হয়৷

৩) দৃষ্টি শক্তি বৃদ্ধিৰ কাৰণ: নিয়ামিয়াকৈ দুটা বা তিনিটা আমলখিৰ ৰখ মৌৰ লগত মিহলাই খালে দৃষ্টি শক্তি বৃদ্ধি হয়৷

৪) ছাল নিমজ কৰিবলৈ: প্ৰতিদিনে ৪/৫ টাকৈ আমলখি খালে অতি চমৎকাৰ ফল পোৱা যায়।

৫) পেটচলা ৰোগ: এই ৰোগ হলে আমলখি এটা থেতেলিয়াই নাড়ীৰ চাৰিওফালে প্ৰলেপ দি পিহি থোৱা আদাৰ লগত থলে আৰাম পোৱা যায়৷

৬) শৰীৰ ছাল নিমাজ কৰিবলৈ: যিসকলৰ ছাল খহটা তেওঁলোকে প্ৰতিদিনে চাৰি-পাচঁটা আমলখি খালে চমত্কাৰ ফল পোৱা যায়৷

৭) অকালতে চুলি পকা: অকালতে চুলি নপকিবৰ কাৰণে আৰু আয়ুস বৃদ্ধিৰ বাবে নিতৌ গা ধোৱাৰ আগতে ৪/৫ টা আমলখি পিহি মূৰত খানি ধুই দিব লাগে৷ আৰু আমলখিৰ ৰস মৌৰ লগত খালে আয়ুস বৃদ্ধি হয়৷

৮) গ্ৰীষ্ম কালত সূৰ্যৰ তাপৰ ফলত ক্ষতি হোৱা শৰীৰৰ অংগ-প্ৰত্যংগৰ ৰোগ নিৰামত ইয়াৰ ভূমিকা অতুলনীয়া৷

চিয়াঁহী, চেম্পু, চুলিত ঘঁহা তেল আদি প্ৰস্তত কৰাত আমলখি ব্যৱহাৰ কৰা হয়৷ দেহৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ হলে ৫ গ্ৰাম আমলখি গুড়িত এচামু গৰুৰ ঘিউ ২ চামুচ মৌৰ জোলৰ লগত মিহলাই কেইদিনমান খাব লাগে৷ গতিকে আমাৰ খাদ্যৰ তালিকাত আমলখি থকা উচিত৷ মুঠতে ই এক অনন্য প্ৰাকৃতিক এণ্টি অক্সিডেণ্ট হিচাপে মানব দেহৰ নানা ৰোগ-ব্যাধি নিৰাময় আৰু প্ৰতিৰোধ উত্তম৷ মন কৰিবলগীয়া এইটো যে ইউৰিক এচিড আৰু তেজত অধিক পটাছিয়াম থকা আদি সমস্যাত ভোগা মানুহে আমলখি সেৱনৰ পৰা বিৰত থকাটো বাঞ্ছনীয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme