1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:00 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

স্বামীগৃহত জীয়ৰীক মৃত অৱস্থা দেখি পিতৃ-মাতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড

  • Update Time : Wednesday, March 20, 2024

জীয়ৰীৰ মৃত্যু জানো কোনো পিতৃ-মাতৃয়ে সহ্য কৰিব পাৰে। সৰুৰে পৰা ডাঙৰ-দীঘল কৰা জীয়ৰীক এখন ঘৰলৈ উলাই দিয়ে। সকলোৱে বিচাৰে স্বামীগৃহত সুখে-শান্তিৰে থাকক মৰমৰ জীয়ৰী। কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় স্বামী-শাহু-শহুৰৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হয় বোৱাৰীগৰাকীয়ে। কেতিয়াবা হত্যাৰ বলি হোৱাৰ বিপৰীতে আত্মহত্যা কৰিবলৈও বাধ্য হয় বোৱাৰীগৰাকী।

এইবাৰ ঘটনাৰ স্থান প্ৰয়াগৰাজৰ মুঠিগঞ্জ। পিতৃ-মাতৃয়ে কিছুদিন পূৰ্বেহে বিয়া দিছিল জীয়ৰীক। কিন্তু ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু। জীয়ৰীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে পিতৃ-মাতৃ গৈ জোঁৱায়েকৰ ঘৰত উপস্থিত হয়। জীয়ৰীক মৃত অৱস্থাত পিতৃ-মাতৃয়ে দেখাৰ লগে লগেই হিতাহিত জ্ঞান হেৰুৱাই পেলাই। তাৰ পিছতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। জীয়ৰীৰ মৃত্যুৰ পিছত শহুৰেকৰ সৈতে হোৱা কাজিয়াত বোৱাৰীগৰাকীৰ পিতৃ-মাতৃয়ে জোঁৱায়েকৰ ঘৰত জুই লগাই দিয়ে। য’ত মৃতকৰ শাহুৱেক আৰু শহুৰেক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আৰক্ষীয়ে পাঁচজন লোকক উদ্ধাৰ কৰি নিৰাপদে উলিয়াই আনে। পুৱাৰ ভাগত চলোৱা অভিযানত শাহুৱেক আৰু শহুৰেকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে চৰ্দাৰী লাল নামৰ লোকজনৰ কন্যা অংশিকাৰ বিবাহ হৈছিল অংশু কেছাৰৱানীৰ সৈতে ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত। মাতৃ পক্ষৰ লোকে জীয়ৰীক শাহু-শহুৰেক হাৰাশাস্তি কৰাৰ অভিযোগ। যৌতুক দাবী সন্দৰ্ভত হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme