প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ পুৱা প্ৰতিবছৰৰ দৰে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পুৱা ৭:৩০ বজাৰ কিছু সময়ৰ পূৰ্বে লালকিল্লাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিওটা সামৰিক বাহিনীৰ মুৰব্বীও উপস্থিত থাকে। জাতীয় পতাকা উত্তোলন কৰাৰ পাছত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰে কেইবাটাও ডাঙৰ ঘোষণা৷ ভাষণৰ পাতনিতেই প্ৰধানমন্ত্ৰীয়ে কয় যে ‘আজি দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ দিন, ফাঁচীকাঠত থিয় হৈ ভাৰত মাতৃৰ গীত গোৱা সেই বীৰ সকলক নৱ প্ৰজন্মৰ সম্মুখত চিনাকি কৰোৱাই দিয়াৰ দিন। বৰ্তমান কৃষক, মহিলা, যুৱক-যুৱতী, দলিতকে ধৰি সকলোৰে সৈতে দেশখনক আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে। স্বাধীনতাৰ এই পৰ্যায়ত উপনীত হোৱাটো আমাৰ সৌভাগ্য৷’
প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ‘একাংশই আলোচনা কৰে যে মোদীয়ে ২০৪৭ৰ উন্নয়নশীল ভাৰতৰ কথা কয়। ‘২০৪৭ৰ উন্নয়নশীল ভাৰত’ ই কেৱল এটা বাক্য নহয়। ইয়াৰ বাবে লাখ লাখ লোকৰ পৰামৰ্শ লোৱা হৈছে। এই পৰামৰ্শত ভাৰতবাসীৰ দৃঢ়তা আৰু সপোনৰ প্ৰতিফলন ঘটিছে। চহৰৰ পৰা গাঁৱলৈ, যুৱকৰ পৰা বুঢ়ালৈকে সকলোৰে পৰামৰ্শ লোৱা হৈছে৷ কোনোৱে দেশখনক বিশ্বৰ অৰ্থনীতিত বহুমূখী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছে, কোনোৱে আকৌ দেশত গ্ল’বেল বিশ্ববিদ্যালয়ৰ দাবী জনাইছে।’
দেশবাসীক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে পুনৰ কয় যে ‘ভাৰত অতি শীঘ্ৰে তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। স্বচ্ছতা অভিযান চলোৱাৰ উপৰিও ১৮ হাজাৰ গাঁও, দেশৰ ১.৫ কোটি ঘৰত বিদ্যুৎ সংযোগ কৰা হৈছে। সমান্তৰালভাৱে দেশৰ ৩ কোটি পৰিয়ালক খোৱা পানীয়ো উপলব্ধ কৰা হৈছে। আমি আত্মনিৰ্ভৰশীলতাৰ দিশত কাম কৰি আছো। সমগ্ৰ বিশ্বই আজি ভাৰতৰ বিষয়ে জানিব বিচাৰে, এয়া দেশবাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয়। একে সময়তে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰধামমন্ত্ৰী মোডীয়ে ডাঙৰ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সিদ্ধান্ত লৈছো যে অহা ৫ বছৰত চিকিৎসা ক্ষেত্ৰত ৭৫ হাজাৰ আসন বৃদ্ধি কৰা হ’ব।